ডিজিটেল ডেস্ক : আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। দুলীয়াজান থানাত ৯০/২৫ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত 196(1)(A) /196(1) (B)/197(1) (B) /197(1) (C)/197(1) (D) / 3(5) / 352/ 353(1) (B) /353(1) (C) / 353(2) ধাৰাসমূহ আৰোপ কৰি আৰক্ষীয়ে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনক গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখযোগ্য যে তৈলনগৰী হিচাপে পৰিচিত ডিব্ৰুগড় জিলাৰ দুলীয়াজানত সংঘটিত এক মাৰপিটৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক।
পেট্ৰ’ল পাম্পটোৰ কৰ্মচাৰীয়ে শংকৰজ্যোতিৰ বিৰুদ্ধে ৰুজু কৰিছিল শাৰীৰিক প্ৰহাৰৰ এক গোচৰ। আৰু এই গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হয় আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনক। আনহাতে বলপূৰ্বকভাৱে পেট্ৰ’ল পাম্প দখল কৰাৰ অভিযোগ উত্থাপন হৈছে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে। দেওবাৰে নিশা দুলীয়াজান থানাত পঞ্জীয়ন হোৱা গোচৰ সন্দৰ্ভত সোধা-পোছা কৰা হৈছিল শংকৰজ্যোতিক কিন্তু আজি ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শংকৰজ্যোতি বৰুৱাক।
ইফালে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত শংকৰজ্যোতি বৰুৱাই এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । শংকৰজ্যোতি বৰুৱাই দাবী কৰা মতে তেওঁ মাৰপিটৰ ঘটনাত জড়িত নহয় । তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈহে চেষ্টা কৰিছিল । কিন্তু শংকৰজ্যোতি বৰুৱাই কোৱা কথাষাৰ কিমান দূৰ সত্য সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হৈ পৰিব।