ডিজিটেল ডেস্ক : জামিন লাভ কৰিলে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে শংকৰজ্যোতি বৰুৱাৰ জামিন। অচিৰেই কাৰাগাৰৰ পৰা বাহিৰলৈ আহিব শংকৰজ্যোতি বৰুৱা।
উল্লেখযোগ্য যে ১৯ মে’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতি বৰুৱাক। দুলীয়াজানৰ বি এন সিং পেট্ৰল পাম্পত সংঘটিত এটা মাৰপিটৰ ঘটনাৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতিক। অৱশেষত শংকৰজ্যোতিয়ে দুলীয়াজান আৰক্ষী থানাত পঞ্জীয়ন হোৱা ৮৯/২৫ নং গোচৰত জামিন লাভ কৰে।