ডিজিটেল ডেস্ক : ভাৰত ৰত্ন প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ বাগ্মিতা, আদর্শ, অসাধাৰণ ব্যক্তিত্ব আৰু চিন্তা-চেতনাই আহিবলগীয়া প্রতিটো প্ৰজন্মক অনুপ্রাণিত কৰিব। শনিবাৰে বাজপেয়ীৰ পুণ্য তিথি উপলক্ষে বশিষ্ঠস্থিত বাজপেয়ী ভৱনত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবিত শ্রদ্ধা নিৱেদন কৰি এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।
তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সভাপতি, ভাৰতৰ প্ৰাক্তন প্রধানমন্ত্রী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী নৱ ভাৰতৰ খনিকৰ। তেখেতৰ দৰ্শন আৰু জীৱনে সমাজক যি বাণী দি গৈছে তাৰ ভিতৰত অন্যতম হল 'চোতে মন চে কয়ি বড়া নেহি হো চকতা-তোতে মন চে কয়ি খড়া নেহি হো চকতা' এই বাক্যত ভাৰতীয় দর্শন সমাহিত হৈ আছে। বাজপেয়ীৰ সমগ্ৰ জীৱন ভাৰত মাতৃৰ, ৰাষ্ট্ৰসেৱাৰ প্ৰতি সমর্পিত হৈ আছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি তেওঁ আগবঢ়োৱা অৱদান অঞ্চলটোৰ ৰাইজে সদায়ে মনত ৰাখিব বুলি উল্লেখ কৰি তেওঁ লগতে কয়, বাজপেয়ীয়ে অসম আন্দোলনক সমর্থন কৰি সংসদত প্রায় ৪৫ মিনিটজোৰা ভাষণ দি অসম আন্দোলনৰ বিষয়বস্তু দেশবাসীক অৱগত কৰিছিল।
অসম আন্দোলনৰ সময়ত বিদেশী সমস্যাক লৈ উদ্বিগ্ন অটল বিহাৰী বাজপেয়ীয়ে দক্ষিণ কামৰূপত নিৰ্যাতনৰ খবৰ পোৱাৰ লগে লগে অসমলৈ আহি খোজকাঢ়ি আৰু চাইকেলেৰে গৈ পৰিস্থিতি পর্যালোচনা কৰিছিল। প্রধানমন্ত্রী হৈ থকাৰ সময়ত উত্তৰ-পূবৰ বাবে ড'নাৰ মন্ত্ৰ্যালয় গঠন কৰিছিল। এই মন্ত্ৰ্যালয় গঠনৰ উদ্দেশ্য আছিল অঞ্চলটোৰ উন্নয়নৰ গতি ক্ষিপ্ৰ কৰা। বাজপেয়ীয়ে ২০০৩ চনত বড়োলেণ্ড চুক্তিত স্বাক্ষৰ কৰিছিল। চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতে বি টি চি গঠন কৰা হৈছিল। তেওঁ বড়োেলেণ্ডত শান্তিৰ বীজ ৰোপণ কৰিছিল বুলি উল্লেখ কৰি শইকীয়াই লগতে কয় যে অসমৰ প্ৰতি তেওঁৰ প্ৰেমৰ কথা সকলোৱে জানে। উল্লেখযোগ্য যে এই বিশেষ শ্রদ্ধা নিৱেদন অনুষ্ঠান ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, উপ-সভানেত্ৰী ৰত্না সিং, সাধাৰণ সম্পাদক ঋতুপর্ণ বৰুৱা, অনুপ বৰ্মনৰ লগতে দলৰ বিষয়ববীয়া আৰু জ্যেষ্ঠ কার্যকর্তাসকল উপস্থিত থাকে।