অজাপত যোগদান প্রাক্তন কেন্দ্রীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ

dainik janambhumi November 06, 2025

ডিজিটেল ডেস্ক : প্রত্যাশিতভাৱেই কালি আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদান কৰিলে শেহতীয়াকৈ বিজেপি ত্যাগ কৰা প্রবীণ ৰাজনীতিক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী, চাৰিবাৰৰ সাংসদ ৰাজেন গোহাঁয়ে। দিছপুৰস্থিত লোকনির্মাণ বিভাগৰ কনভেনশ্যন চেণ্টাৰত আয়োজন কৰা এক অনুষ্ঠানত ৰাজেন গোহাঁয়ে আঞ্চলিক দলটোত যোগদান কৰে। অনুষ্ঠানত টাই আহোম জাতীয় পৰিষদৰ প্ৰাক্তন উপ-সভাপতি ৰাজকুমাৰ চেতিয়া, ডাঃ সিদ্ধার্থ শর্মা, প্রাক্তন বিজেপি নেতা জ্যোতিপ্রসাদ নাথ, অভিযন্তা আব্দুল জলিলকে ধৰি শতাধিক নেতা-কর্মীয়েও অসম জাতীয় পৰিষদত যোগদান কৰে। আঞ্চলিক দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই দলত যোগদান কৰা সকলোকে আদৰণি জনায়। 

ইফালে নতুন দলটোত যোগ দিয়েই বিজেপিক সমালোচনাৰে থকা-সৰকা কৰে প্ৰাক্তন সাংসদ গোহাঁয়ে। তেওঁ কয়, 'বিজেপি ভুৱা হিন্দুত্ববাদৰ ওপৰত প্রতিষ্ঠিত। হিন্দুক ভয় খুৱাবলৈ মুছলমানৰ নাম ব্যৱহাৰ কৰে। নিজে কাজিয়া লগাই মুছলমানক বদনাম দিয়ে।' বিজেপিৰ কাম-কাজক সমালোচনা কৰি তেওঁ লগতে কয়- 'অসমক ৰক্ষা আৰু শক্তিশালী কৰিবলৈ হ'লে সকলো জাতি-জনগোষ্ঠীৰ, সকলো ভাষা-ভাষীৰ লোকক লগত লৈ আগবাঢ়ি যাব লাগিব। কিন্তু বিজেপিয়ে সেইটো নিবিচাৰে।' অসমত বিজেপি চৰকাৰ গঠন কৰিবলৈ কৰা কষ্টৰ কথা ব্যক্ত কৰি তেওঁ লগতে কয়, 'এইখন চৰকাৰৰ মই ওচৰেই চাপিব নোৱাৰিলোঁ। তেওঁলোকে আমাৰ কথাই নুশুনে। তেওঁলোকে ৰাজতন্ত্র চলাইছে, গণতন্ত্র নহয়। অসমবাসী বিকল্পৰ সন্ধানত আছে। কিন্তু অসম গণ পৰিষদক ৰাইজে বিকল্প বুলি নাভাবে।' তেওঁ বিজেপিত অৱহেলিত হৈ থকা সকলো লোককে ওলাই আহিবলৈকো আহ্বান জনায়। গোহাঁইৰ স্পষ্ট মত, 'বিজেপিয়ে হিটলাৰী শাসন চলাইছে। সমাজ জীৱন ভাঙি চূৰমাৰ কৰি দিছে। সকলোৱে আজি দলটোত অসুৰক্ষিত অনুভৱ কৰিছে। অসমবাসীৰ বাবে বিজেপি এটা ডাঙৰ শত্রু। তেওঁলোকে মাথোঁ লুণ্ঠন চলাইছে। কিন্তু এই ৰাজনীতি বেছিদিন নচলে।' ইফালে কংগ্রেছত সকলো মানুহ বেয়া নহয় বুলি মত প্রকাশ কৰি তেওঁ লগতে কয় যে সময়ৰ আহ্বানৰ প্ৰতি সম্মান জনাই কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব লগীয়া হ'লে মিত্রতাও কৰিম। কিয়নো যিসকল মানুহে কংগ্রেছত বেয়া কাম কৰিছিল তেওঁলোকে এতিয়া বিজেপিৰ নেতৃত্ব লৈ আছে। বিজেপিত দলীয় দায়িত্বত থকা পুত্র নৱাৰুণ গোহাঁইৰ প্ৰসংগত তেওঁ কয়, বিজেপিয়ে তাক পদ দিছে দেউতাকক নিয়ন্ত্ৰণ কৰিব পাৰিম বুলি। পিতৃয়ে যিহেতু বেয়া পথ লোৱা নাই, সেয়ে পুত্ৰও বিজেপিৰ পৰা ওলাই আহিব লাগে। 

আনহাতে, জাতীয় পৰিষদত যোগদান সন্দর্ভত প্রাক্তন সাংসদগৰাকীয়ে কয়, 'মই চাৰিবাৰৰ সাংসদ কাৰো আশীৰ্বাদত হোৱা নাছিলোঁ। নিজৰ বলত দল শক্তিশালী কৰি সাংসদ হৈছিলোঁ। মোৰ পোৱাটোত তেওঁলোকে বহুত দেখিছে। কিন্তু অন্যসকলৰ ফালে চালে দেখা যায় তেওঁলোকৰ ক্ষুধাৰ শেষেই নহয়। মই ক্ষুধা পূৰাবলৈ অহা নাই। ই কিবা বিচাৰি ইয়ালৈ অহা নাই। মই সেৱাৰ মনোভাবেৰে ইয়ালৈ আহিছোঁ। মৃত্যুৰ আগমুহূর্তলৈ অসম জাতীয় পৰিষদত থাকিম।' প্রণিধানযোগ্য যে অনুষ্ঠানত জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও ভাষণ দিয়ে। তেওঁ কয়, এতিয়া যুঁজাৰ সময়, ঐক্যবদ্ধ হোৱাৰ সময়। অসমৰ মাটিত জাতীয়তাবাদৰ পুনৰুত্থান কৰিবৰ বাবে জাতীয় পৰিষদত যোগ দিবলৈ আহিছে ৰাজেন গোহাঁই। আনহাতে জাতীয় দায়বদ্ধতাৰে কাম কৰি থাকিলে এদিন অসমত জাতীয়তাবাদৰ পতাকা উৰিবই উৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে অনাগত দিনত অসমৰ বহুসংখ্যক গণ্য-মান্য লোকে জাতীয় পৰিষদত যোগ দিব। অনুষ্ঠানটোত জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সোঁতৰ বিপৰীতে আমি আগুৱাই গৈছোঁ বুলি মত প্রকাশ কৰি কয় যে নতুন ধ্যান-ধাৰণাৰে আমি আগুৱাই যাম। অসমত এদিন আঞ্চলিকতাবাদৰ জয় হ'বই।

Share This