ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে চাবুৱা ৰহমৰীয়া চামনি নতুন গাঁৱত স্থানীয় ৰাইজৰ উদ্যোগত আৰু সূৰ্যোদয় যুৱ সংঘৰ আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ।
সমূহ ৰহমৰীয়াবাসীৰ উদ্যোগত আৰু সূৰ্যোদয় যুৱক সংঘৰ আতিথ্যত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আবক্ষ মূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয়।
উল্লেখযোগ্য যে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী অজয় গগৈয়ে ১ লাখ টকা প্ৰদান কৰে জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিৰ নিৰ্মাণৰ বাবে।
প্ৰিয়শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত চাবুৱা, লাহোৱালকে ধৰি ডিব্ৰুগড় জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক লোক স্বতঃস্ফূর্তভাৱে উপস্থিত হৈ প্ৰিয়শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে। অনুষ্ঠানৰ কাৰ্যসূচীত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাও অংশগ্ৰহণ কৰে।
উৎস: প্ৰাগ নিউজ ডিজিটেল