নলবাৰীত তাণ্ডৱ চলোৱা বজৰং দলৰ ৪ নেতাক জে'ললৈ, অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'বঃ মুখ্যমন্ত্রী

dainik janambhumi December 27, 2025

ডিজিটেল ডেস্ক: বৰদিনৰ পূর্বে বিশ্ব হিন্দু পৰিষদ-বজৰং দলে নলবাৰী জিলাৰ পানীগাঁৱত থকা ছেইণ্ট মেৰিজ স্কুল প্রাংগণত লংকাকাণ্ড সংঘটিত কৰাৰ পিছতে কঠোৰ হৈছে নলবাৰী আৰক্ষী প্রশাসন। এই ঘটনাৰে জড়িত চাৰিজন নেতাক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰাৰ পাছতে কালি নলবাৰী আদালতত হাজিৰ কৰোৱা হয়। 

আদালতে চাৰিওজন নেতাকে কালি নলবাৰী জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে। এই ঘটনা সন্দৰ্ভত কালি নলবাৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি কয় যে ছেইন্ট মেৰিজ ইংলিছ স্কুলত উপস্থিত হৈ বিশ্ব হিন্দু পৰিষদ-বজৰং দলৰ ১৫/২০জনীয়া দলটোৱে খ্ৰীষ্টমাছৰ সামগ্ৰী, তোৰণ, বেনাৰ, প'ষ্টাৰ, যীশুখ্ৰীষ্টৰ মূৰ্তি ভাঙি ছিঙি লণ্ড-ভণ্ড কৰাৰ লগতে ভস্মীভূত কৰি অপৰাধমূলক কাম কৰিছে। এই দুষ্কাৰ্যত জড়িত চাৰিজনক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰা হৈছে। আনহাতে বাকী সদস্যসকলকো ভিডিঅ' ফুটেজ চাই চিনাক্ত কৰি অচিৰেই গ্ৰেপ্তাৰ কৰাৰ লগতে আইনী ব্যৱস্থা গ্রহণ কৰা হ'ব। ইয়াৰ সৈতে জড়িত কোনো লোক সাৰি যাব নোৱাৰিব। 

উল্লেখযোগ্য যে পৱিত্ৰ বৰদিনৰ পূৰ্বে অৰ্থাৎ বুধবাৰে নলবাৰী জিলা বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে নলবাৰী জিলাৰ শনিৰোড চ'কৰ পানীগাঁৱত অৱস্থিত ছেইণ্ট মেৰিজ ইংলিছ স্কুল প্রাংগণত খ্ৰীষ্টমাছৰ সা-সামগ্ৰী আদি লণ্ড-ভণ্ড কৰি লংকাকাণ্ড সৃষ্টি কৰিছিল। লগতে খ্ৰীষ্টমাছৰ সকলো সামগ্ৰী জুই জ্বলাই ভস্মীভূত কৰিছিল। এই ঘটনাৰ পাছতে উক্ত স্কুলৰ ফাডাৰ তথা অধ্যক্ষ বাইজু চিবাষ্টীয়ানে বেলশৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ফাডাৰগৰাকীয়ে প্ৰথমতে সমগ্র ঘটনাটো জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক অৱগত কৰিছিল। বেলশৰ আৰক্ষী থানাই এই সম্পৰ্কত এটা গোচৰ (১১৬/২৫) পঞ্জীয়ন কৰি অনুসন্ধান আৰম্ভ কৰে। বেলশৰ আৰক্ষীয়ে বৃহস্পতি বাৰে জিলা বিশ্ব হিন্দু পৰিষদ-বজৰং দলৰ চাৰিজন নেতাক গ্ৰেপ্তাৰ কৰে। এওঁলোক হ'ল ক্রমে- বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাৰ সম্পাদক ভাস্কৰ ডেকা, উপ-সভাপতি মানস পাটগিৰি, সহঃসম্পাদক বিজু দত্ত আৰু বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক নয়নমণি তালুকদাৰ। 

এওঁলোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩২৯(৩), ৩২৬ (এফ) ১৮৯(২),৩৫১(২) ৩২৪(৩) ৩২৪(৪) আৰু ৬১(২) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়। ইপিনে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে নিজৰ প্ৰতিক্রিয়া ব্যক্ত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত পানীগাঁওস্থিত ছেইণ্ট মেৰিজ ইংলিছ স্কুলত বৰদিন উদযাপনৰ সামগ্ৰী লণ্ড-ভণ্ড কৰা ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰা হৈছে। অসম আৰক্ষীয়ে তৎক্ষণাৎ এই বিষয়ত ব্যৱস্থা গ্রহণ কৰিছে আৰু আইন অনুসাৰে আগলৈকে অভিযুক্তৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ'ব। ৰাজ্যজুৰি শান্তি-সম্প্ৰীতি বজাই ৰখাৰ লগতে সকলো প্রতিষ্ঠান আৰু নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি সম্পূৰ্ণৰূপে প্রতিশ্রুতিবদ্ধ।

Share This