ডিজিটেল ডেস্ক : সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, আদিবাসী জানি শক্তি সংগতি তিনিচুকীয়া জিলা সমিতি আৰু সমূহ জিলাবাসী ৰাইজৰ সহযোগত তিনিচুকীয়া জিলাৰ বৰগোলাইত কালিৰ পৰা ২১সংখ্যক আদিবাসী মহাসভা ২০২৬ আৰম্ভ হৈছে। মাৰ্ঘেৰিটা সমজিলাৰ বৰগোলাইস্থিত দিহিং ক্রীড়া প্ৰকল্পৰ সমন্বয় ক্ষেত্ৰত কালিৰ পৰা ১ ফেব্ৰুৱাৰীলৈ চাৰি দিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপিত হ'ব এই আদিবাসী মহাসভা।
'আদিবাসী অধিকাৰ, আদিবাসীৰ গৌৰৱ, এয়াই ন্যায়ৰ সময়, জনজাতি মৰ্যাদাৰ সময়' শীর্ষক বিষয়টোক মূলমন্ত্ৰ ৰূপে লৈ এইবাৰ তেওঁলোকে ৰূপায়িত কৰিছে বৰগোলাইৰ মহাসভা। প্রতিনিধিসকলৰ আগমন আৰু পঞ্জীয়ন, পতাকা উত্তোলন, গছপুলি ৰোপণ, চাফাই অভিযান, আছাৰ প্ৰতিষ্ঠাপক সদস্য তথা তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা যোচেফ বাডিঙৰ দ্বাৰা ২১ সংখ্যক আদিবাসী মহাসভাৰ মুখ্য দুৱাৰ উদ্বোধন, আদিবাসী জাতীয় নায়ক প্রদীপ নাগৰ সোঁৱৰণী ২১ সংখ্যক আদিবাসী মহাসভাৰ মূল মঞ্চ উদ্বোধন, অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডা, অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্রয়াত জাষ্টিন লাক্ৰা আৰু প্ৰদীপ নাগৰ প্রতিমূর্তি উন্মোচন, শ্বহীদ তর্পণ, আদিবাসী টলা উদ্বোধনকে আদি কৰি ভিন্ন কাৰ্যক্ৰমণিকাৰে আদিবাসী মহাসভা ২০২৬ ৰ আৰম্ভণি হয়।
উল্লেখ্য যে, জনজাতি মর্যাদা পাব পৰাকৈ ৰাজনৈতিকভাৱে শক্তিশালী হোৱাৰ উদ্দেশ্যে এইবাৰৰ আদিবাসী মহাসভাখনতে এক বৃহৎ ৰাজনৈতিক সিদ্ধান্ত ল'ব বুলিও যোচেফ বাডিং, ক্লেমেন্ট বিৰলাৰ দৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ প্ৰতিষ্ঠাপক সদস্যসকলে উল্লেখ কৰে।