আৰক্ষীৰ অভিযানত বিজনীত ড্ৰাগছসহ চাৰি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Kakali Deka June 13, 2025

ডিজিটেল ডেস্ক : চিৰাঙৰ বিজনী চহৰত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ চাৰিটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়।

ধৃত সৰবৰাহকাৰী চাৰিটা ক্ৰমে বঙাইগাঁও জিলাৰ ২ নং নাম্বাৰপাৰাৰ ছৰিফুল ইছলাম (২৪), আব্দুল মতলেব (১৮), ছহিদুল হক (২৯) আৰু গোৱালপাৰাৰ জাহিদুল ইছলাম (৩২)।

সৰবৰাহকাৰী চাৰিটাৰ পৰা ড্ৰাগছভৰ্তি ৩২টা প্লাষ্টিক কন্টেইনাৰ, পাঁচটা মোবাইল ফোন আৰু Alto k10 চাৰি চকীয়া বাহন এখন জব্দ কৰে আৰক্ষীয়ে। 

এক গোপন খবৰৰ ভিত্তিত বিজনীৰ TSI বিশাল বনিক্যৰ নেতৃত্বত আৰক্ষীৰ এটি দলে বিজনী চহৰৰ মাজমজিয়াত থকা পুৰণি বাছ আস্থানত অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে চাৰি সৰবৰাহকাৰীক।

পিছত জব্দকৃত ড্ৰাগছসহ ধৃত চাৰি সৰবৰাহকাৰীক আৰক্ষীয়ে বিজনী থানালৈ লৈ যায়।

Share This