ডিজিটেল ডেস্ক : নেৰানেপেৰা বৰষুণৰ ফলত উটি গ'ল মহানগৰীৰ আভিজাত্য। উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই কালি কৃত্রিম বানত বুৰিল মহানগৰীৰ বহুসংখ্যক অঞ্চল। ক'বলৈ গ'লে স্তব্ধ হৈ পৰিল মহানগৰবাসীৰ জীৱন যাত্ৰা। ঘণ্টাৰ পাছত ঘণ্টা পানীৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হ'ল বহু অঞ্চলৰ বাসিন্দা। শ শ বাহন ৰাজপথত আবদ্ধ হৈ থকাই নহয়, ৰোগী লৈ অহা এম্বুলেঞ্চো হৈ পৰিল জলবন্দী। শিক্ষার্থী, চাকৰিয়ালকে ধৰি সাধাৰণ যাত্রী-সকলোৰে বিলাই-বিপত্তি নোহোৱা হ'ল। নিশা এপৰলৈকে গাড়ীৰ ভিতৰতে থাকিবলগীয়া হ'ল বহুসংখ্যক কণ কণ শিক্ষার্থী।
চানমাৰি, জু-ৰোড, ভি আই পি ৰোড, ৰাজগড়, ৰুক্মিণীগাঁও, হাতীগাঁও, বেলতলা, খানাপাৰা, ছয়মাইল, পাঞ্জাবাৰী, যোৰাবাট আদি অঞ্চলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। জালুকবাৰীৰ পৰা যোৰাবাটলৈকে বিভিন্ন স্থানত ৰাষ্ট্ৰীয় ঘাইপথত একঁকাল পর্যন্ত পানী হোৱাত ৰাজপথবোৰত নদীসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। ক'বলৈ গ'লে একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰী। ইফালে কৃত্রিম বানৰ ফলত গুৱাহাটীৰ প্ৰতিটো পথতে ভয়ংকৰ যান-জটৰ সৃষ্টি হৈছে। ৰাজপথতে বিকল হৈ পৰিছে বহু বাহন।
জানিব পৰা মতে, ৰুক্মিণীগাঁৱৰ মূল পথৰ লগতে উপ-পথসমূহত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাত এছ ডি আৰ এফ, এন ডি আৰ এফ তথা প্ৰশাসনৰ লোকসকলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযানো আৰম্ভ কৰিছে। আনহাতে যোৰাবাটত পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত উজনিলৈ যোৱা আৰু গুৱাহাটীলৈ অহা গাড়ীসমূহো আবদ্ধ হৈ আছে। উল্লেখযোগ্য যে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰে ন বছৰ ৰাজ্যখন শাসন কৰিলে যদিও আজিলৈকে কৃত্রিম বানৰ সমস্যা সমাধান কৰিব নোৱাৰিলে। যাৰ ফলত বৰষুণ দিলে গুৱাহাটীবাসীয়ে এনে যমৰ যাতনা ভুগিবলগীয়া হৈছে।