ৰেছন কার্ড দেখুৱালেই হ'ব কলেজত বিনামূলীয়া নামভর্তি : মুখ্যমন্ত্রী

dainik janambhumi April 27, 2025

ডিজিটেল ডেস্ক : এতিয়াৰে পৰা কলেজত বিনামূলীয়া নামভৰ্তিৰ বাবে গাঁওপ্ৰধানৰ প্ৰমাণপত্র নালাগে। ৰেছন কার্ড দেখুৱালেই হ'ব। আনহাতে, ৰাজ্যৰ গাঁওসমূহত নিশাৰ বিদ্যালয় গঢ়ি তোলা হ'ব। শনিবাৰে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ কয় যে অচিৰেই ৰাজ্যৰ গাঁওসমূহত নিশাৰ বিদ্যালয় গঢ়ি তোলা হ'ব। মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ পাছত স্কুল-অংগনৱাড়ী কেন্দ্ৰত হ'ব নাইট স্কুল। মেট্ৰিক পৰীক্ষাৰ্থীক ৪ মাহৰ বাবে গাঁৱৰ শিক্ষিত স্নাতক-স্নাতকোত্তৰ যুৱক-যুৱতীসকলে পঢ়ুৱাব পাৰিব। ইয়াৰ বাবে প্ৰতিজন শিক্ষার্থীৰ বিপৰীতে ৩০০ টকাকৈ প্ৰদান কৰা হ'ব। 

আনহাতে, গ্রামাঞ্চলৰ শিক্ষানুষ্ঠানসমূহক আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে বুলি জনাই তেওঁ লগতে কয় যে অহা চাৰি-পাঁচ বছৰৰ ভিতৰত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ৮ কোটি টকাকৈ ব্যয় কৰা হ'ব। ইতিমধ্যে ৫০০খন বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভহৈছে। ৰাজ্য চৰকাৰে ৪ হাজাৰখন বিদ্যালয় নিৰ্মাণ কৰিব। ইয়াৰ বাবে ব্যয় হ'ব প্রায় ৩০,০০০ কোটি টকা। মুখ্যমন্ত্রীয়ে লগতে কয় যে ২৫ লাখ টকাকৈ ব্যয় কৰি পাঁচ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰি থকা হৈছে। শীঘ্ৰেই ৰাজ্যখনৰ আটাইবোৰ অংগনৱাড়ী কেন্দ্ৰ নতুন ৰূপত সজাই তোলা হ'ব। 

আনহাতে, এপ্রিল মাহত প্রতি ইউনিটত ১ টকাকৈ বিজুলী নিৰিখ হ্ৰাস কৰাৰ পাছত অহা অক্টোবৰ-নৱেম্বৰ মাহত আৰু ১ টকা অথবা ৫০ পইচা হ্রাস কৰাৰো চিন্তা কৰিছে। আনহাতে, ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ কৃষকসকলৰ উৎপাদিত গ্ৰামগ্ৰীৰ মূল্য সংযোজিত কৰিব বিচাৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পাঁচখন জিলাৰ পৰা সৰিয়হৰ তেল সংগ্ৰহ কৰি একো একোটা ব্ৰেণ্ডৰ জৰিয়তে স্থানীয় বজাৰ দখল কৰাৰ প্রচেষ্টা লোৱা হ'ব। গাখীৰ, কণী, মাছ আদিৰ ক্ষেত্ৰতো আত্মনিৰ্ভৰ হোৱাৰ বাবে ৰাজ্য চৰকাৰখনে বিশেষ পদক্ষেপ হাতত ল'ব।

Share This