'সম্পূর্ণ সেৱা মাহ'লৈ যান-বাহন ব্যৱহাৰকাৰীৰ সহযোগিতা

dainik janambhumi July 09, 2025

ডিজিটেল ডেস্কঃ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত 'সম্পূর্ণ সেৱা মাহ'ৰ কাৰ্যসূচীলৈ যান-বাহন ব্যৱহাৰকাৰীসকলে ব্যাপক সহযোগিতা আগবঢ়াইছে। পহিলা জুলাইত আৰম্ভহোৱা এই কাৰ্যসূচীত যোৱা সপ্তাহটোত মহানগৰ জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী উপস্থিত হৈ হোণ্ডা ছেফটি ড্রাইভিং এডুকেশ্যন চেণ্টাৰৰ সহযোগত চিমুলেটৰৰ দ্বাৰা বিশেষভাৱে আগবঢ়োৱা বাহন চালনাৰ বিনামূলীয়া শিক্ষা আৰু প্রশিক্ষণ গ্রহণ কৰে। প্রশিক্ষণৰ সময়ত প্রশিক্ষার্থীসকলে বাহন চালনাৰ অনুজ্ঞা-পত্ৰ এখন উলিয়াই ল'ব পৰাকৈ নিজকে সক্ষম, পাৰদৰ্শী কৰি তুলিব পৰাকৈ সম্যক জ্ঞান লাভ কৰে।

একেদৰে শিক্ষক, চিকিৎসক, অধিবক্তা, সাংবাদিক, সেনা-জোৱানৰ পৰিয়াল আৰু বয়োজ্যেষ্ঠ লোকৰ বাবেও আগবঢ়োৱা সম্পূর্ণ সেৱা মাহৰ কাৰ্যসূচীলৈ বিশিষ্ট ব্যক্তিসকলৰ উৎসাহ জনক সহযোগিতা মনকৰিবলগীয়া। 'সম্পূর্ণ সেৱা মাহ'ৰ কাৰ্যসূচীত প্রায় প্রতিদিনেই কুৰিৰো অধিক ব্যক্তি উপস্থিত হৈ যান-বাহনৰ নথিপত্ৰ বিষয়ক বিভিন্ন সমস্যাৰ সমাধান কৰে। পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে গোটেই জুলাই মাহজুৰি অব্যাহত 'সম্পূর্ণ সেৱা মাহ'ৰ অনাগত সময়ছোৱাত ছাত্র-ছাত্রীক উপস্থিত থাকি যান-বাহনৰ নথিপত্র বিষয়ক সমস্যাৰ সমাধান কৰিবলৈ আহবান জনায়।

তেওঁ কয় যে শিক্ষক, চিকিৎসক, অধিবক্তা, সাংবাদিক, সেনা জোৱান আৰু বয়োজ্যেষ্ঠ নাগৰিকসকল যিহেতু সমাজৰ অন্যতম অগ্রণী ব্যক্তি সেয়ে তেওঁলোকৰ যান-বাহনৰ নথিপত্র বিষয়ক সমস্যাৰ তাৎক্ষণিক সমাধানত বিশেষভাৱে মনোনিৱেশ কৰা হৈছে। কিয়নো এইসকল আগৰণুৱা ব্যক্তিয়ে তেওঁলোকৰ যান-বাহনৰ নথি-পত্ৰসমূহ সকলো সময়তে সঠিক কৰি ৰখা কাৰ্যই আন বাহনৰ গৰাকীকো নিজৰ দায়িত্ব আৰু কৰ্তব্যবোধৰ প্ৰতি সচকিত আৰু দায়বদ্ধ কৰিব। যান-বাহনৰ গৰাকীৰ এনে সজাগতা-সুৰক্ষাৰ প্ৰচেষ্টাই অনাগত দিনত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত অব্যাহত ৰখাত বিশেষভাৱে যোগাত্মক প্রভাৱ পেলাব বুলিও পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

Share This