ডিজিটেল ডেস্ক : লাখ লাখ গুণমুগ্ধৰ উপস্থিতিত 'চপুর্দে খাক' কৰা হ'ল আধ্যাত্মিক গুৰু শ্বেখ গোলাম ৰব্বানীক। ১০ মার্চত অগণন গুণমুগ্ধক কন্দুৱাই ইহসংসাৰ ত্যাগ কৰা পীৰে কামিল শ্বেখ গোলাম ৰব্বানীক কালি দিনৰ দুই বজাত তেওঁৰ নিজ যমুনা গাঁৱৰ পথাৰত অন্তিম জানাজাৰ নামাজ সম্পন্ন কৰি তেওঁৰ মছজিদ চৌহদৰ কবৰস্থানত সমাধিস্থ কৰা হয়। নামতে স্থাপিত শ্বেখ গোলাম ৰব্বানী জামে ১১৬ বছৰ বয়সত পীৰে কামিল, বিশিষ্ট ইছলামিক পণ্ডিত আৰু আধ্যাত্মিক গুৰু হজৰত মৌলানা শ্বেখ গোলাম ৰব্বানীয়ে ১০ মার্চত যমুনাগাঁৱৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছিল।
১৯১০ চনত জন্মগ্রহণ কৰা গোলাম ৰব্বানী চাহাবে প্রাথমিক শিক্ষা নিজ ঘৰতে সম্পন্ন কৰি উচ্চ শিক্ষাৰ বাবে তেওঁ সেই সময়ৰ এছিয়াৰ বিখ্যাত উত্তৰ প্ৰদেশৰ দাৰুল উলুম দেওবন্দ মাদ্রাছাত নামভর্তি কৰে। তাৰ পৰা হাদীছ, ফেকাহ শাস্ত্ৰকে ধৰি অন্যান্য ইছলামী বিষয়ত জ্ঞান অর্জন কৰি মাতৃভূমি অসমলৈ ঢাপলি মেলে। অসমত উভতি আহি তেওঁ ১৯৫০ চনত এশ্বাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছা স্থাপন কৰি অঞ্চলটোত শিক্ষাৰ ভেটি স্থাপন কৰে। পৰৱৰ্তী কিছু কাল তেওঁ কাছিমুল উলুম মৌডংগা মাদ্রাছাতো অধ্যাপনা কৰে। জীৱনৰ শেষ সময়ত তেওঁ যমুনা গাঁৱতে ছোৱালী শিক্ষাৰ এখন প্রতিষ্ঠান স্থাপন কৰি সেইখনৰ আজীৱন শিক্ষক হৈ থাকে। লগতে তেওঁ প্রায় কুৰিটা বছৰ পূব জাৰুণী গণিপুৰস্থিত খানকাহে আহমদীয়াত থাকি ৰমজান মাহত মানুহক ইছলামী আধ্যাত্মিক বিষয়ত দীক্ষা দিছিল।
প্রয়াত গোলাম ৰব্বানী চাহাবে শ্বেখুল ইছলাম হুছাইন আহমদ মদনী (ৰঃ)ৰ পৰা আধ্যাত্মিক শিক্ষাৰ পাঠ আৰু বয়ত গ্ৰহণ কৰি অসমৰ বিভিন্ন প্রান্তত আধ্যাত্মিক শিক্ষা প্রদানত গুৰুত্ব দিয়ে। জাতি-ধর্ম নির্বিশেষে সকলো সমাজত তেওঁৰ আছিল অভূতপূর্ব জনপ্রিয়তা। তেওঁৰ মৃত্যুত শোক প্রকাশ কৰে উত্তৰ-পূব ভাৰতৰ আমীৰে শ্বৰিয়ত মৌলানা ইয়াহইয়া চাহাব, এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল, জমিয়ত উলামাৰ সভাপতি মৌলানা মস্তাক আনফৰ, সাধাৰণ সম্পাদক মৌলানা আব্দুৰ ৰশীদ কাছিমী চাহাব আদি অসংখ্য ব্যক্তি, অনুষ্ঠান-প্রতিষ্ঠানে।