ডিজিটেল ডেস্ক: অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী কালি সংসদত উত্থাপন কৰিলে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। সংসদৰ চলিত শীতকালীন অধিৱেশনত কালি লোক সভাত এই দাবী উত্থাপন কৰি সাংসদ তথা অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে জুবিন গাৰ্গ এগৰাকী মহান শিল্পীৰ লগতে পৰিৱেশবিদ, বন্যপ্রাণীপ্রেমী, প্ৰচুৰ অধ্যয়নশীল আৰু মানৱতাবাদী আছিল বুলি মন্তব্য কৰে। তেওঁ কয়- 'নব্বৈৰ দশকত মহান শিল্পী জুবিন গার্গে গীত আৰু সুৰেৰে সমগ্ৰ অসমবাসীৰ মাজত আশাৰ সঞ্চাৰ কৰিছিল।
পৰৱৰ্তী সময়ত জুবিন গার্গে অসম আৰু অসমবাসীক নৈতিক সাহস দিয়াৰ লগতে জাতিৰ মেৰুদণ্ড স্বৰূপ হৈ পৰিছিল।' অসমৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্রদান কৰিব লাগিবই বুলিও সংসদত দাবীও উত্থাপন কৰে সাংসদগৰাকীয়ে। এই সন্দৰ্ভত তেওঁ কয় 'বিদেশ মন্ত্রালয় আৰু ছিংগাপুৰৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আয়োজন কৰা অনুষ্ঠানলৈ আমন্ত্রিত হৈ গৈছিল জুবিন আৰু তাতে তেওঁৰ ৰহস্যজনক মৃত্যু হয়।' মুখ্যমন্ত্ৰীয়ে জুবিনৰ মৃত্যুক হত্যাকাণ্ড বুলি অভিহিত কৰাৰ প্ৰসংগ উত্থাপন কৰি নিম্ন সদনত গগৈয়ে কেন্দ্রীয় চৰকাৰে আয়োজন কৰা অনুষ্ঠানলৈ যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিদেশৰ মাটিত কোনে হত্যা কৰিলে বুলিও প্রশ্ন উত্থাপন কৰে।
তেওঁ লগতে কয়, 'চাহ আৰু এশিঙীয়া গঁড়ৰ লগতে জুবিন গাৰ্গ হৈছে অসমৰ পৰিচয়। জুবিন গার্গে গীতেৰে ব্যক্তিগত জীৱনৰ দুখ-হুমুনিয়াহৰ পৰা পৰিত্ৰাণ পোৱাৰ মন্ত্ৰ দিয়াৰ উপৰি জাতি-ধৰ্মক লৈ সমাজখনক ভাগ ভাগ নহ'বলৈকো শিকাইছিল। জুবিন গার্গে এখন ভয়মুক্ত, ঘৃণামুক্ত শান্তিৰে ভৰপূৰ মিলাপ্ৰীতিৰ বৰ অসম গঢ়াৰ সপোন দেখিছিল। জুবিন গাৰ্গ কাঞ্চনজংঘা আছিল আৰু সদায়েই কাঞ্চনজংঘা হৈয়েই থাকিব।' সেয়েহে অসমবাসীৰ প্ৰাণৰ শিল্পীগৰাকীক ভাৰত ৰত্ন প্রদানেৰে উচিত সন্মান দিব লাগে বুলিও কয় সাংসদ গগৈয়ে।