ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে বিয়লি ভাগত গোলাঘাটত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ উপস্থিত হৈ গোলাঘাট জিলা কংগ্ৰেছৰ নেতা-কর্মীসকলৰ সৈতে এখন দলীয় সভাত অংশগ্ৰহণ কৰে। ইয়াৰ অন্তত সভাপতিগৰাকীয়ে বৃহৎসংখ্যক দলীয় কর্মীক লগত লৈ গোলাঘাট নগৰত পদযাত্ৰা কৰে। সভাপতিগৰাকীৰ এই পদযাত্ৰাৰ সময়ত প্রশাসন তথা আৰক্ষীয়ে তেওঁক বাধা প্রদান কৰাত গৌৰৱ গগৈয়ে কয় যে মই গোলাঘাটৰ ৰাজপথত সন্ধ্যা খোজ কাঢ়িবলৈহে আহিছোঁ, আপোনালোকে বাধা দিছে বুলি কৈ তেওঁৰ পদযাত্রা আগবাঢ়ি যায়। এই পদযাত্রা কালত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ সৈতেও মত বিনিময় কৰি সৌজন্যমূলক সাক্ষাৎ কৰে। তেওঁ গোলাঘাটৰ নাগৰিকৰ সৈতে এখন হোটেলত চাহ খাই ভাবৰ আদান-প্রদান কৰে।
ইফালে, দলীয় সভাৰ পাছতে প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকালত কয় যে খিলঞ্জীয়াৰ মাটি, ভেটি সুৰক্ষাৰ চৰকাৰ বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখন প্ৰকৃততে মামা, মামী, আদানি, আম্বানিৰ স্বার্থ সুৰক্ষাৰ বাবেহে চৰকাৰত পৰিণত হৈছে। তেওঁ লগতে কয় যে আইন সকলোৰে বাবে সমান হোৱা উচিত। গোলাঘাটত পানীৰ বটল দলিওৱা ঘটনাৰ ক্ষেত্রত প্রশাসন তথা আৰক্ষীয়ে যিমান তৎপৰ আৰু কঠোৰতা প্ৰদৰ্শন কৰিছে, অসমত কংগ্রেছ বিধায়ক, সাংসদ, আৰক্ষীৰ ওপৰত দুষ্কৃতিকাৰীৰ আক্ৰমণৰ ঘটনাতো সমান তৎপৰতা আৰু কঠোৰতা লোৱা উচিত।
গগৈয়ে লগতে কয় যে মুখ্যমন্ত্ৰীৰ পথ আমি অনুসৰণ কৰিব বিচৰা নাই। তেওঁ এদিন আছু, এদিন আলফা, এদিন কংগ্রেছ, এদিন বিজেপি আৰু পৰবৰ্তী সময়ত ক'ত থাকে কোনেও নাজানে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা কংগ্ৰেছক কোনো পৰামৰ্শ বা চার্টিফিকেটৰ প্রয়োজন নাই বুলি উল্লেখ কৰি গগৈয়ে কয় যে কংগ্ৰেছে তেওঁলোকৰ তৃণমূল কর্মী, বয়োজ্যেষ্ঠ কংগ্ৰেছ আৰু নৱপ্ৰজন্মৰ পৰামৰ্শ মতেই নিজৰ পথ বাছি ল'ব। '২৬ৰ নিৰ্বাচনত কংগ্ৰেছে কিমান আসন আশা কৰে বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে সেয়া কংগ্ৰেছৰ বাবে গুৰুত্বপূৰ্ণ নহয়, চৰকাৰ আহিলে কংগ্রেছে এনে এখন আইন প্ৰৱৰ্তন কৰিব, যাৰ দ্বাৰা চৰকাৰী মামা-মামী, আদানি, আম্বানিৰ অধ্যায়টো অসমত সমাপ্ত হ'ব।