ডিজিটেল ডেস্ক : গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰাৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে সদৌ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি ছাত্র সন্থা (আকছা)ই বুধবাৰে দিনত শিলচৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত সন্থাৰ মুখ্য উপদেষ্টা ৰূপম নন্দী পুৰকায়স্থই কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ বটল নিক্ষেপ কৰাৰ বাবে অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সম্পূৰ্ণভাৱে দোষী। গৌৰৱ গগৈয়ে সভাপতি হিচাপে সম্পূর্ণ ব্যর্থ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ বটল নিক্ষেপ কৰাৰ বাবে তেওঁ ক্ষমা বিচাৰিব লাগিব। নহ'লে বৰাক উপত্যকাত গৌৰৱ গগৈক প্ৰৱেশত বাধা দিয়া হ'ব। কংগ্রেছে আন্দোলনৰ নামত গণতন্ত্রক হত্যা কৰা বুলি তেওঁ কয়।
ছাত্র সংগঠনৰ মুখ্য উপদেষ্টা তথা বিজেপি কর্মী ৰূপম নন্দী পুৰকায়স্থই কয়, 'গণতান্ত্রিক আন্দোলনৰ নামত অসমত এটা সন্ত্রাসবাদী আন্দোলন চলিছে। গৌৰৱ গগৈয়ে নিজৰ কৰ্তব্য পালনত ব্যর্থ হৈছে। ৰাজহুৱাভাৱে ক্ষমা নিবিচৰা পর্যন্ত গৌৰৱ গগৈক বৰাকত প্ৰৱেশ কৰাত ছাত্র সংগঠনটোৱে নিষেধাজ্ঞা আৰোপ কৰিছে।' প্রতিজন আক্রমণকাৰীক চিনাক্ত কৰি আদৰ্শ দেখুৱাবলৈ তেওঁ গগৈক দাবী জনায়। গোলাঘাটৰ আক্ৰমণৰ ঘটনা জাতিটোৰ বাবে অপমানজনক বুলি তেওঁ উল্লেখ কৰে। সংবাদমেলত উপদেষ্টা বিশ্বজিৎ দেৱ, সুকমল দাস প্রমুখ্যে উপস্থিত আছিল।
উল্লেখযোগ্য যে সোমবাৰে গোলাঘাটত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাত যথেষ্ট সুৰুঙা ধৰা পৰে। মুখ্যমন্ত্ৰীয়ে যাত্ৰা কৰা পথত গোলাঘাট কংগ্ৰেছৰ একাংশ সদস্যই তীব্র প্রতিবাদ সাব্যস্ত কৰে। ক'লা পতাকা জোকাৰি মুখ্যমন্ত্ৰী তথা মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে। আনহাতে, মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটলো নিক্ষেপ কৰা হয়। এই ঘটনাৰ পাছতে ৰাজ্যজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হয়। অৱশেষত এই ঘটনাত জড়িত ৬ কংগ্ৰেছীক আৰক্ষীয়ে আটক কৰে।