জামুগুৰিহাটত কংগ্ৰেছৰ 'পৰিৱৰ্তন যাত্রা'ত বিজেপিৰ কৰ্মীৰ বাধা, ৰাজপথত বহি প্রতিবাদ গৌৰৱ গগৈৰ

dainik janambhumi February 13, 2026

ডিজিটেল ডেস্ক: শোণিতপুৰৰ বিহগুৰিৰ পাছত কালি নদুৱাৰ সমষ্টিতো অসম প্রদেশ কংগ্ৰেছ কমিটীৰ 'পৰিৱৰ্তন যাত্রা'ত বিজেপিৰ একাংশ কর্মীয়ে বাধা প্ৰদান কৰে। সমষ্টিটোৰ অন্তৰ্গত জামুগুৰিহাট অঞ্চলত এক অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ কর্মীয়ে। 

উল্লেখযোগ্য যে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, বিধায়ক শিৱামণি বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটী অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহান প্ৰমুখ্যে কংগ্ৰেছ দলৰ একাংশ নেতা-কর্মীয়ে কালি বিশ্বনাথ জিলাৰ চতিয়ালৈ সমদল কৰি যাবলৈ ওলায়। সেই সময়তে বিধায়ক পদ্ম হাজৰিকাৰ একাংশ আনুগত্যই জামুগুৰিহাটৰ কুসুমতোলা অঞ্চলত কংগ্ৰেছৰ সমদলকাৰী দলটোক বেআইনীভাৱে বাধা প্রদান কৰে। 

একাংশ দুষ্কৃতিকাৰীয়ে কংগ্ৰেছৰ নেতা-কর্মীৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰাত বহু কংগ্রেছ কর্মী আহত হ'বলগীয়া হয়। শিলগুটি নিক্ষেপ কৰাৰ ফলত কংগ্ৰেছৰ নেতা-কর্মীসকলৰ কেইবাখনো বাহন ক্ষতিগ্রস্ত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীলৈ আহে আৰু তাতেই ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ তৰফৰ পৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। 

আৰক্ষীয়ে বিজেপিৰ গুণ্ডা বাহিনীক নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলি স্বীকাৰ কৰি কংগ্ৰেছৰ সমদলটোক আগুৱাই যাবলৈকো বাধা প্ৰদান কৰা পৰিলক্ষিত হয়। এই ঘটনাৰ পাছতে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সমন্বিতে বাকী নেতাসকলে ৰাজপথতে বহি প্রতিবাদ সাব্যস্ত কৰে। ইয়াৰ মাজতে প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে উক্ত স্থানত সমবেত হোৱা লোকসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। তেওঁ কয়, 'আমি পূৰ্বৰে পৰা খবৰ পাই আছিলোঁ যে বিজেপিৰ কিছু কর্মীয়ে বিশেষকৈ এগৰাকী বিধায়কৰ কৰ্মীয়ে নদুৱাৰ-জামুগুৰি অঞ্চলত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি আছিল। এই কথা আমি শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকক জনাইছিলোঁ। এক গণতান্ত্রিক পৰিৱেশত নিৰ্বাচনৰ সময়ত শোণিতপুৰ জিলাৰ ৰাইজৰ কাষলৈ আমাৰ 'পৰিৱৰ্তন যাত্রা' লৈ যাব বিচাৰিছিলোঁ। 
বিজেপি দলৰ কৰ্মীয়ে এনে এটা পৰিৱেশ সৃষ্টি কৰিছিল যে যাৰ দ্বাৰা আইন-শৃংখলা ভংগ হ'ব পাৰে। আমি শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকক অনুৰোধ কৰিছোঁ যে আপোনালোকে সেইসকলক নিয়ন্ত্ৰণ কৰক। আমি কি দেখা পালোঁ যে জামগুৰি, চতিয়া, নদুৱাৰ সকলোতে উৎপাত কৰিছে, হুলস্থূল কৰি আছে। আমাৰ গাড়ী ভাঙি পেলাইছে। মানুহক ভয়-ভাবুকি দিছে। অসম আৰক্ষীয়ে সেইসকলক নিয়ন্ত্ৰণ কৰাতকৈ আমাক বাধা দিছে। আমাক ক'ত যাব দিব লাগে সেই নির্দেশ লাভ কৰিছে আৰক্ষীয়ে।' 

আৰক্ষীয়ে বিজেপিৰ নেতা-কর্মীক নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলি উল্লেখ কৰি গগৈয়ে কয় যে এনে পৰিৱেশ দেখি সাধাৰণ মানুহ শংকিত হৈছে। তেওঁ কয় যে বিজেপি চৰকাৰে কংগ্ৰেছ দল আৰু জনসাধাৰণক ভয় কৰিছে। ইফালে, কালি বিশ্বনাথ জিলাৰ বালিপুখুৰীত কংগ্ৰেছৰ প্ৰতিষ্ঠাপক সভাপতি তথা স্বাধীনতা সংগ্রামী বাবু ছবিলাল উপাধ্যায়ৰ এটা প্রতিমূর্তি উন্মোচন কৰিবলৈ উপস্থিত হয় সভাপতি গৌৰৱ গগৈ। অসম প্রদেশ কংগ্রেছ দলৰ প্ৰতিষ্ঠাপক সভাপতি বাবু ছবিলাল উপাধ্যায়ৰ জন্মভূমি বিহালীৰ বালিপুখুৰীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ প্ৰচেষ্টা আৰু পুঁজিৰে নির্মিত ১২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে সাংসদ গগৈয়ে। এই কাৰ্যসূচীত গৌৰৱ গগৈৰ লগতে উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্রাক্তন সভাপতি ৰিপুন বৰা, ভূপেন বৰা, সাংসদ ৰকিবুল হুছেইন, প্রাক্তন সাংসদ আৰ পি শৰ্মাকে ধৰি কংগ্ৰেছৰ বহুকেইগৰাকী নেতা-কর্মী। এই কাৰ্যসূচীৰ আগেয়ে পুৱাৰ ভাগত গৌৰৱ গগৈয়ে বিশ্বনাথৰ গোপ সাধাৰুস্থিত বুঢ়া মাধৱ দেৱালয়ত সেৱা লোৱাৰ পাছতে 'সময় পৰিৱৰ্তনৰ যাত্রা'ত অংশগ্ৰহণ কৰে। 

বিশ্বনাথৰ বাইপাছৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আৰম্ভ কৰা সময় পৰিৱৰ্তনৰ যাত্রাত সহস্রাধিক কংগ্রেছ নেতা-কর্মীয়ে মটৰচাইকেল ৰেলীৰে সভাপতিগৰাকীৰ এই যাত্ৰাত সহযোগ কৰে। এই যাত্রা সমাপ্ত কৰে বিশ্বনাথৰ বালিপুখুৰীত। এই সময় পৰিৱৰ্তনৰ যাত্ৰাত সভাপতি গগৈক সংগ দিয়ে অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰা, ভূপেন বৰা, সাংসদ ৰকিবুল হুছেইন, বিধায়িকা শিৱামণি বৰা, প্ৰেমলাল গঞ্জসহ কংগ্ৰেছ দলৰ শীর্ষ নেতা-কর্মীসকলে।

Share This