ডিজিটেল ডেস্ক: অসমত ফ্লপ শ্ব'ত পৰিণত হৈছে জলজীৱন মিছন। এই আঁচনিৰ অধীনত ঘৰে ঘৰে পানী যোগানৰ পৰিৱৰ্তে হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰৰ অৱস্থাহে তথৈৱচ হৈ পৰিছে। ক'বলৈ গ'লে ঘৰে ঘৰে পানী যোগান আঁচনি এতিয়া চকুপানীত পৰিণত হৈছে। কিয়নো জলজীবন মিছনৰ ঠিকাদাৰ-কৰ্মচাৰীয়ে আজি পর্যন্ত পোৱা নাই কামৰ বাবত পাব লগা ধন।'
সংসদৰ চলিত শীতকালীন অধিৱেশনত অসমত জলজীৱন মিছনৰ ব্যৰ্থতা সন্দৰ্ভত কালি এইদৰে সৰৱ হৈ পৰে লোক সভাত বিৰোধীৰ উপ-দলপতি তথা যোৰহাটৰ সাংসদ গগৈ। সাংসদগৰাকীয়ে কয়, 'অসমত জলজীৱন মিছন প্রহসনত পৰিণত হৈছে। এই আঁচনিখনৰ সৈতে জড়িত লোকসকলৰ জীৱন দুর্বিষহ হৈ পৰিছে। ঠিকাদাৰ আৰু শ্রমিক-কর্মচাৰীসকলে দীর্ঘদিন ধৰি পাবলগীয়া ধন পোৱা নাই।' ৰাজ্য চৰকাৰৰ নিষ্ক্রিয়তা উদঙাই দি সাংসদ গৌৰৱ গগৈয়ে লগতে কয়, 'জলজীৱন মিছনৰ ঠিকাদাৰসকলে সময়মতে বিল নোপোৱাত ৰাজপথলৈ আহি প্রতিবাদ কৰিবলগীয়া হৈছে। এই আঁচনিৰ অধীনত এতিয়াও ৩৫০০ কোটি টকাৰ বিল অনাদায় হৈ আছে। ইয়াৰ ফলত ঋণ লৈ এই আঁচনিখনৰ কাম কৰা যুৱ ঠিকাদাৰসকল আজি ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে।' একাংশ ঠিকাদাৰে বিল লাভ কৰিছে যদিও এইক্ষেত্ৰত চৰকাৰে স্বজন-তোষণ নীতিৰ আশ্ৰয় লৈছে বুলিও কয় সাংসদগৰাকীয়ে।
তেওঁৰ মতে, 'যিসকল ঠিকাদাৰৰ বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলৰ সৈতে ঘনিষ্ঠ সম্পর্ক আছে সেইসকলকহে বিলৰ কিছু অংশ মোকলাই দিয়া হৈছে।' এয়া ডাবল্ ইঞ্জিন চৰকাৰৰ চূড়ান্ত বিফলতা বুলিও উল্লেখ কৰে সাংসদ গগৈয়ে। আঁচনিখনৰ সৈতে জড়িত জলমিত্র, ঠিকাদাৰক সকাহ দিয়াৰ বাবে অতিশীঘ্রে কেন্দ্র আৰু ৰাজ্য চৰকাৰক আলোচনাৰ জৰিয়তে বিষয়টোৰ এক ফলপ্রসূ সমাধান-সূত্র উলিয়াবলৈ সদনত আহ্বান জনায় সাংসদগৰাকীয়ে।