সম্পূর্ণ টকা দি গৰুখুঁটিৰ পৰা কিনি আনিছিলোঁ গিৰ গাই : ভুৱন পেগু

dainik janambhumi July 02, 2025

ডিজিটেল ডেস্ক : ৰাজ্যৰ ৰাজনীতিত গিৰ গাই প্রসংগত সৰৱ চর্চা চলি থকা সময়তে জোনাইৰ বিধায়ক ভুৱন পেগুৱে শেহতীয়াকৈ সংবাদ মাধ্যমযোগে প্রতিক্রিয়া প্রকাশ কৰে। গিৰ গাই আঁচনি আৰু জনপ্রতিনিধিৰ ৰাজসাহায্য বিষয়টোক লৈ বহুল চর্চা চলি থকাৰ সময়তে জোনাইৰ বিধায়কে ক'লে সম্পূর্ণ টকা দি কিনি অনা হৈছে গৰুখুঁটিৰ পৰা গিৰ গাই। বিনা পইচাত অনা নাই বুলিও তেওঁ প্রতিক্রিয়া প্রকাশ কৰে। প্ৰতিজনী গাই ৮৯ হাজাৰ টকা দি কিনা বুলি উল্লেখ কৰে বিধায়ক পেগুৱে। লগতে তেওঁ কয়- ২০২২ চনত ১০জনী গিৰ গাই কিনিছিল গৰুখুঁটিৰ অধ্যক্ষ তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ পৰা।

গুজৰাটৰ পৰা ট্রেইনেৰে অনা ১০জনী গিৰ গাই জোনাইলৈ অনা হৈছিল এখন ট্রাকেৰে। ইয়াৰে এজনীৰ তিনিদিনৰ পাছত মৃত্যু হয়। তাৰ পাছতে আন এজনীৰো কেইবা দিনৰ পাছত মৃত্যু হয়। বাকী গিৰ গাইসমূহ আৰ্ণে চাপৰিত দুগ্ধ কেন্দ্ৰত আছে। প্রতিদিনে ইয়াৰ পৰা ৩৫ লিটাৰ দুগ্ধ উৎপাদন হয় বুলি উল্লেখ কৰে ভুৱন পেগুৱে। ইফালে, এই প্রসংগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভ্রাতৃ সংগঠন যুৱ বাহিনীৰ সাধাৰণ সম্পাদক তথা চিচিবৰগাঁৱৰ যুৱক ৰুদ্ৰ ভূঞাই কয়- নিবনুৱাৰ বাবে অহা ৰাজসাহায্য মন্ত্ৰী-বিধায়কে লাভ কৰাটো দুর্ভাগ্যজনক। ৰাজসাহায্যৰ নামতো এতিয়া ছিণ্ডিকেট চলোৱা বুলি দাবী কৰে যুৱ নেতাগৰাকীয়ে। বিধায়ক ভুৱন পেগুৱেও এতিয়া চালে-বেৰে কোবোৱা কথাৰে গিৰ গাইৰ প্ৰসংগত মিথ্যাচাৰৰ আশ্রয় লোৱা বুলি সদৰী কৰে।

এই ক্ষেত্রত জোনাইৰ আৰ্ণে চাপৰিত গৈ গিৰ গাইকেইজনী কেনেকৈ আছে তাৰ তদন্ত কৰিলে পুনৰ জোলোঙাৰ মেকুৰী ওলাব আৰু কেঁচু খান্দোতে সাপ ওলাব বুলিও দাবী কৰে যুৱ নেতাগৰাকীয়ে।

Share This