জি এম চি এইচত নৱজাতকৰ মৃত্যুৰ ঘটনা নাৰ্ছ ভানুপ্রিয়া মিছঙক কাৰাগাৰলৈ প্ৰেৰণ

dainik janambhumi August 24, 2025

ডিজিটেল ডেস্কঃ জি এম চি এইচত যোৱা ১৮ আগষ্টত সংঘটিত নৱজাতক মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষী আৰু চৰকাৰে গঠন কৰি দিয়া তদন্ত সমিতিয়ে। ভঙাগড় আৰক্ষীয়ে কর্তব্যত গাফিলতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা নাৰ্ছ ভানুপ্রিয়া মিছঙক কালি কাৰাগাৰলৈ নিক্ষেপ কৰা হয়। 

আনহাতে শোকাৱহভাৱে প্ৰাণ হেৰুৱাবলগীয়া হোৱা নৱজাতকৰ পিতৃ-মাতৃক সোধা-পোছা কৰে তিনিজনীয়া তদন্ত সমিতিয়ে। উল্লেখযোগ্য যে ঘটনাৰ দিনাই একপক্ষীয়ভাৱে জগৰীয়া কৰি চাকৰিৰ পৰা নিলম্বন কৰা এন আই চি ইউৰ নাৰ্ছ ভানুপ্রিয়া মিছঙক সেইদিনাই নিশালৈ আৰক্ষীয়ে আটক কৰে আৰু তাৰ পিছদিনাই কর্তব্যত গাফিলতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। 

আদালতে তেওঁক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল। কালি তেওঁৰ জিম্মাৰ ম্যাদ শেষ হোৱাত আৰক্ষীয়ে পুনৰ আদালতত হাজিৰ কৰে। আদালতে তেওঁক কালি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। লগে লগে নাৰ্ছ ভানুপ্রিয়াক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। 

ইফালে চৰকাৰে গঠন কৰি দিয়া ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব চুইটি চাংচন, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন আৰু এইমছৰ শিশুৰোগ বিশেষজ্ঞ ডাঃ জয় শংকৰসহ তিনিজনীয়া তদন্ত সমিতিয়ে শনিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক প্রতিবেদন দাখিল কৰাৰ কথা আছিল । ইফালে তদন্ত সমিতিয়ে শুকুৰবাৰে ভুক্তভোগী কণমানিজনীৰ পিতৃ-মাতৃক সোধা-পোছা কৰে। প্ৰসৱৰ সময়ৰপৰা এতিয়ালৈকে চিকিৎসাধীন হৈ থকা মাতৃ স্মিতা ডেকাক প্রথমে তদন্ত সমিতিয়ে সোধা-পোছা কৰে। তেওঁ চিকিৎসাধীন হৈ থকা বার্ডলৈ গৈ সমিতিয়ে সোধা-পোছা কৰে। তেওঁৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰো বুজ লয় তদন্ত সমিতিয়ে। 

আনহাতে পিতৃ উৎপল বৰদলৈক অন্য এটা কোঠাত সোধা-পোছা কৰা হয়। তেওঁক চিকিৎসালয়ত ভর্তি হোৱাৰ পৰা সকলো কথা সমিতিক জনাবলৈ কোৱা হয়। আনহাতে কণমানিজনীক কেতিয়া এন আই চি ইউত চিকিৎসাধীন কৰা হৈছিল, তেওঁ কিমানবাৰ কন্যাৰ কাষলৈ গৈছিল, ঘটনাৰ দিনা কোন কোন চিকিৎসক, কোন কোন নাৰ্ছ আৰু অন্য কোন কৰ্মচাৰী কৰ্তব্যত আছিল, সকলো তথ্য তদন্ত সমিতিয়ে লয়। তেওঁ কন্যাৰ জন্মৰ পৰা সকলো চোৱাচিতা কৰি থকা চিকিৎসক ডাঃ প্রমোদ তালুকদাৰৰ কথাও তদন্ত সমিতিক কোৱা বুলিও প্রকাশ কৰে। তেওঁক প্রথমে সকলো কথা ক'বলৈ দিয়া হয় আৰু তাৰ পাছত তেওঁৰ পৰা একেখিনি কথাই লিখিত আকাৰত লোৱা বুলি উৎপল বৰদলৈয়ে জানিবলৈ দিয়ে। 

আনহাতে তদন্ত সমিতিয়ে দোষীক কঠোৰ শাস্তি প্রদান কৰি তেওঁক সম্পূর্ণ ন্যায় প্রদান কৰাৰ প্ৰতিশ্রুতি প্ৰদান কৰা বুলিও সদৰী কৰে। লক্ষণীয় যে ঘটনাৰ নিশা এন আই চি ইউৰ দায়িত্বত থকা দুই চিকিৎসক ক্রমে ডাঃ হৃষীকেশ ঠাকুৰীয়া আৰু ডাঃ পূজা শইকীয়াই গ্ৰেপ্তাৰৰ পৰা হাত সৰাৰ বাবে অসুস্থতাৰ নাটক কৰি জি এম চি এইচৰ মনোৰোগ বিভাগত চিকিৎসাধীন হৈছে। তেওঁ ন্যায় পোৱাৰ ক্ষেত্রত আশাবাদী বুলি প্রকাশ কৰে। প্ৰতিবেদন দাখিল কৰাৰ পাছত তদন্ত সমিতিয়ে তেওঁৰ সৈতে পুনৰ যোগাযোগ কৰাৰ প্ৰতিশ্রুতি দিয়া বুলিও কয়। 

ইমানকেইদিন ধৈর্য ধৰিলে যেতিয়া আৰু দুদিন তেওঁ ধৈর্য ধৰিব বুলিও কয়। প্রতিবেদন দাখিল কৰাৰ পাছত উৎপল বৰদলৈয়ে মুখ্যমন্ত্ৰীৰ সৈতেও পুনৰ যোগাযোগ কৰিব বুলি সংবাদ মাধ্যমৰ সন্মুখত প্রকাশ কৰে।

Share This