ডিজিটেল ডেস্ক : বিহাৰ, উত্তৰ প্ৰদেশ নহয় গুৱাহাটীত মাত্র ২ লাখ টকাতে বিক্রী হ'ল এটা নৱজাতক, তাকো জি এম চি এইচৰ পৰা নিয়ন্ত্রিত ভয়ংকৰ দালাল চক্ৰৰ মধ্যস্থতাত। শেহতীয়াকৈ আৰক্ষীৰ তদন্ত পোহৰলৈ অহা এই তথ্যই প্রমাণ কৰিছে গুৱাহাটীতো নৱজাতক ক্রয়-বিক্রয়ৰ এক ভয়ংকৰ বজাৰ গঢ়ি উঠিছে আৰু এই বজাৰৰ অন্যতম কেন্দ্ৰ হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়।
উল্লেখযোগ্য যে ৩০ মার্চত জি এম চি এইচত এক দৰিদ্ৰ দম্পতীৰ এগৰাকী প্রসূতিয়ে জন্ম দিছিল এটি কন্যা সন্তান। পূর্বেও দুগৰাকী কন্যা সন্তান থকা এই দৰিদ্ৰ দম্পতীয়ে নৱজাতক কন্যা সন্তানটিক অভাৱগ্রস্ততাৰ বাবেই কাৰোবাক দি দিয়াৰ সিদ্ধান্ত লয়। এই কথা গৈ জি এম চি এইচত দৰিদ্ৰ পৰিয়ালৰ সন্তানক টার্গেট কৰি থকা দালাল চক্ৰৰ কাণত পৰিলগৈ। লগে লগেই দালাল চক্রটোৱে এই দৰিদ্ৰ দম্পতীক জালত পেলাই নৱজাতকটোক বিক্ৰী কৰিবলৈ একপ্ৰকাৰ পতিয়ন নিয়ায়।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে এই দালাল চক্ৰটোৰ লগত এগৰাকী আশাকর্মীও জড়িত আছে আৰু আশাকর্মীগৰাকীয়ে নলবাৰীৰ ভাস্কৰ তালুকদাৰ নামৰ এজন মেডিকেল ৰিপ্রেজেনটেটিভক ক্রেতা হিচাপে ঠিক কৰি ৰাখিছেই। শেষত দালাল চক্ৰৰ মধ্যস্থতাত গড়চুকৰ এখন হোটেলত ২ লাখ টকাত শিশুটোক বিক্ৰী কৰাৰ সিদ্ধান্ত হৈ যায় আৰু এই সকলো ব্যৱস্থাপনা জি এম চি এইচতে হয় যদিও চি চি টিভিত ধৰা পৰাৰ ভয়ত মেডিকেলৰ পৰা ৰিলিজ লৈ ওলোৱাৰ পাছতহে বাহিৰত এই ক্রয়-বিক্রয় সম্পূৰ্ণ হয়। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে নলবাৰীৰ ভাস্কৰ তালুকদাৰে তেওঁৰ নিঃসন্তান ভাতৃৰ বাবেহে সন্তানটো ক্ৰয় কৰিছিল।
কিন্তু পৰিয়ালটোলৈ নৱজাতকৰ আগমনৰ লগে লগে নলবাৰীৰ সেই নির্দিষ্ট অঞ্চলটোত বিষয়টো যথেষ্ট চর্চিত হৈ পৰে আৰু ইয়াৰ ভিত্তিত নলবাৰীৰ শিশু সুৰক্ষা বিষয়াই স্থানীয় থানাত এটা গোচৰ তৰে আৰু এই গোচৰতে ভাস্কৰ তালুকদাৰ আৰু তেওঁৰ ভাতৃ কুলেন তালুকদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অধিক তদন্তৰ বাবে গোচৰটো বৰ্তমান ভঙাগড় থানালৈ প্ৰেৰণ কৰা হৈছে আৰু আজি ভঙাগড় আৰক্ষীয়ে খান উপাধিৰ এগৰাকী মহিলাক আটক কৰিছে।