বহাগৰ ১০ তাৰিখে আছিল বিয়া ; দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ

Rashmi April 20, 2025

ডিজিটেল ডেস্কঃ গহপুৰৰ বড়িগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত কৰুণ মৃত্যু এগৰাকী যুৱতীৰ ৷দুৰ্ঘটনাত থিতাতেই নিহত হ’ল চুমি প্ৰধান নামৰ যুৱতীগৰাকী ৷

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চুমি প্ৰধানৰ বান্ধৱী টুটুমনি নাথ ৷ ১০ বহাগত আছিল চুমীৰ বিয়া কিন্তু বিয়ালৈ মাজত মাত্ৰ ৪ দিন থকাৰ সময়তেই নিয়তিয়ে দেখুৱালে নিষ্ঠুৰতা ৷ কালৰ কৰুণ আঁচোৰত ৰাজপথতেই শেষ হৈ গ’ল হাতত মেহেণ্ডিৰ ৰং বুলাই নতুন জীৱন আৰম্ভ কৰিবলৈ আগবঢ়া চুমিৰ অলেখ-অযুত সপোন৷

জানিব পৰা মতে, অৰুণাচলৰ দিশৰ পৰা অহা ক’লা ৰঙৰ  স্কৰপিঅ' বাহনে পিছফালৰ পৰা মহতিয়াই  ঘটনাস্থলীৰ পৰা লখিমপুৰ দিশে পলায়ণ কৰে ৷এই ঘটনাত এতিয়া শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোতেই ৷

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This