ৰাইজৰ টোপনি হৰণ কৰা দুই গভাইত চোৰক গহপুৰত গ্ৰেপ্তাৰ

Kakali Deka April 04, 2025

ডিজিটেল ডেস্কঃ ৰাইজৰ টোপনি হৰণ কৰা দুই গভাইত চোৰক গ্ৰেপ্তাৰ। গহপুৰত গ্ৰেপ্তাৰ দুই চোৰ। চোৰ দুটাৰ নাম মহম্মদ খাইৰুল আলী আৰু নুৰ মহম্মদ।

যোৱা ১২ মাৰ্চত গহপুৰৰ কলাবাৰী পূব কলিতা গাঁৱৰ এটি পৰিয়ালে থিয়েটাৰ চাবলৈ যোৱাৰ সুযোগতে চুৰি-কাণ্ড সংঘটিত কৰিছিল চোৰ দুটাই। অৱশেষত দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হাৱাজান আৰক্ষী।

উল্লেখ্য যে পূব কলিতা গাঁৱৰ নিৱাসী বলিন ভূঞাৰ ঘৰত খিৰিকীৰ গ্ৰীল খুলি বহুকেইপদ মূল্যৱান সোণৰ গহনাৰ লগতে দুটাকৈ ম'বাইল ফ'ন আৰু নগদ ধন চুৰি কৰি নিছিল মহম্মদ খাইৰুল আলী আৰু নুৰ মহম্মদে।

প্ৰায় ডেৰ লাখ টকাৰ সম্পত্তি চুৰ কৰি নিছিল দুয়ো ।

কলাবাৰী চেণ্টাৰত 'ৰাজমুকুট থিয়েটাৰ' চাবলৈ বুলি গৃহস্থই ঘৰত তলা মাৰি গৈছিল যদিও দুই গভাইত চোৰে খিৰিকীৰ গ্ৰীল খুলি ভিতৰত প্ৰৱেশ কৰি চুৰি-কাণ্ড সংঘটিত কৰিছিল।

গহপুৰৰ হাৱাজান আৰক্ষীয়ে চলোৱা তদন্তৰ অভিযানৰ অন্তত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুয়োকে। 

লখিমপুৰ চিনেটলীয়াৰ বাসিন্দা মহম্মদ খাইৰুল আলী আৰু লখিমপুৰ ডিজু বাগানৰ বাসিন্দা হুছেইন নুৰ মহম্মদ(৩২)।

দীৰ্ঘদিনৰ পৰা এনে চুৰি-কাণ্ডত জড়িত হৈ ৰাইজৰ শান্তি বিঘ্নিত কৰিছিল এই গভাইত চোৰ দুটাই।

 

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This