গোলাঘাট নাৰ্ছিং  হোমত ৰোগীৰ জীৱনক লৈ হেতালি

Rashmi June 16, 2025

ডিজিটেল ডেস্কঃ গোলাঘাট নাৰ্ছিং  হোমখনৰ কৰ্মচাৰীৰ অবিবেচকী কাণ্ডত ৰোগীৰ হাহাকাৰ। স্বাস্থ্য সেৱাক ধোঁৱাচাঙত তুলি কেৱল ব্যাৱসায়িক মনোবৃত্তিত নিমজ্জিত নাৰ্ছিং  হোম কৰ্তৃপক্ষ । 

উল্লেখ্য যে গোলাঘাট নাৰ্ছিং হোমলৈ চিকিৎসা গ্ৰহণ কৰিবলৈ আহি বিমুখ হ'বলগীয়া হ'ল এগৰাকী বয়সস্থ মহিলা। মহিলা ৰোগীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নাৰ্ছিং হোমখনত আজি অৰ্থাৎ ১৬ জুন, ২০২৫ তাৰিখৰ পুৱাৰ ভাগত ডা: নয়ন দত্তক দেখুৱাবৰ বাবে নাম তালিকাভুক্ত কৰা হয়। 

সেই অনুসৰি নাৰ্ছিং হোমখনৰ কৰ্মচাৰীয়ে নিৰ্ধাৰণ কৰা সময়ত বয়সস্থ ৰোগীগৰাকী যথা স্থানত উপস্থিত হয়। কিন্তু নাৰ্ছিং হোমখনৰ কৰ্তব্যৰত নাৰ্ছে নাম লিখোৱা নাই বুলি বয়সস্থ মহিলাগৰাকীক নাৰ্ছিং হোমৰ পৰা ওভতাই পঠায়। যি সময়ত চিকিৎসকগৰাকীয়ে নাৰ্ছিং হোমৰ চেম্বাৰত ৰোগী চাই আছিল। নাৰ্ছং হোম কৰ্তৃপক্ষৰ নিয়ম মতে যথা সময়ত নাম তালিকাভুক্ত কৰাৰ পাছত আৰু চিকিৎসক উপস্থিত থকা অৱস্থাত নাম অন্তৰ্ভুক্ত কৰা নাই বুলি ৰোগীক ওভতাই পঠোৱা কাৰ্যক সহজভাৱে ল'ব পৰা নাই।

প্ৰায় সত্তৰ কিল'মিটাৰ দূৰত্বৰ পৰা নৰিয়া গাৰে আহি চিকিৎসা সেৱাৰ পৰা বিমুখ হৈ ক্ষোভ প্ৰকাশ কৰে মহিলাগৰাকীয়ে। ৰোগীৰ জীৱনক লৈ হেতালি খেলা গোলাঘাট নাৰ্ছং হোম কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনগত ব্যবস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This