ডিজিটেল ডেস্ক : গোলাঘাট আৰু জুবিন গাৰ্গ-এক এৰাব নোৱাৰা সম্পৰ্ক। গোলাঘাটৰ সৈতে সদায়েই এক আৱেগিক সম্পর্ক আছিল জুবিন গাৰ্গৰ। জুবিন গাৰ্গ আছিল গোলাঘাটৰ জোঁৱাই। গোলাঘাট নগৰৰ শান্তিপুৰৰ নিৱাসী সুৰেন শইকীয়া আৰু ৰুমী শইকীয়াৰ একমাত্র কন্যা গৰিমা শইকীয়াৰ সৈতে ২০০২ চনৰ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল জুবিন গাৰ্গ। তদুপৰি জুবিন গাৰ্গৰ পিতৃ চাকৰিসূত্রে কেইবাবছৰো গোলাঘাটত বাস কৰাৰ বাবে জুবিনেও বহু সময় গোলাঘাটত কটাইছিল। তেতিয়াৰে পৰা গোলাঘাটৰ সৈতে এক নিবিড় সম্পর্ক গঢ়ি উঠিছিল জুবিনৰ।কালি জনপ্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে জুবিন-গৰিমাৰ গোলাঘাটৰ এগৰাকী অন্তৰংগ বান্ধৱী পুনম চলিহাই জুবিন গাৰ্গৰ বিভিন্ন কথা স্মৰণ কৰি কয় যে গোলাঘাটলৈ কিবা কামত আহিবলৈ পালে জুবিন অত্যন্ত সুখী হয়। কেতিয়াবা শহুৰেকৰ ঘৰলৈ অথবা কেতিয়াবা অনুষ্ঠান পৰিৱেশন কৰিবলৈ গোলাঘাটলৈ আহিলে জুবিনে তেওঁৰ গোলাঘাটৰ বন্ধুসকলৰ লগত গাড়ীত গান গাই গাই ঘূৰি ফুৰি অতি ভাল পাইছিল।
গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সম্মিলনীত কেইবাবাৰো গীত পৰিৱেশন কৰিবলৈ জুবিন গাৰ্গ আহিছে আৰু জুবিন গাৰ্গৰ অনুষ্ঠানৰ খবৰ পালেই বহু দূৰ দূৰণিৰে পৰা জুবিনক চাবলৈ অনুৰাগীৰ ভিৰ লাগিছিল গোলাঘাটত। জুবিন গাৰ্গেও তেওঁৰ অনুৰাগীসকলক সন্মুখত দেখা পালে অতি উৎসাহিত হৈছিল। বহু সময়ত তেওঁ অনুষ্ঠান সামৰি বন্ধুসকলৰ সৈতে গাড়ীৰে ঘূৰি ঘূৰি দূৰ দূৰণিৰ পৰা অহা অনুৰাগীসকলক কাষতে দেখা পাই বহু আনন্দিত হোৱা বুলিও পুনম চলিহাই উল্লেখ কৰে। জুবিনে আনকি অনুষ্ঠান সামৰি প্ৰায়ে গোলাঘাটত থকা তেওঁৰ শহুৰেকৰ ঘৰটো চাবলৈ গৈছিল। উল্লেখযোগ্য যে গৰিমা শইকীয়াৰ বিবাহৰ পাছত তেওঁৰ একমাত্র ভাতৃ ভূপেশ শইকীয়ায়ো গুৱাহাটীত নিগাজীকৈ থাকিবলৈ লোৱাত পিতৃ সুৰেন শইকীয়াই পৰৱৰ্তী সময়ত গোলাঘাটৰ গৃহটো বিক্ৰী কৰি গুৱাহাটীলৈ পুত্র-কন্যাৰ কাষলৈ গুচি গৈছিল। যিহেতু জুবিন গাৰ্গে শান্তিপুৰৰ সুৰেন শইকীয়াৰ চোতালৰ পৰাই গৰিমা শইকীয়াক বিয়া কৰাইছিল তাৰ বাবেই হয়তো জুবিনে অনুষ্ঠান পৰিৱেশন কৰি পুৱতি নিশা ৩-৪ বজাত হ'লেও শহুৰেকৰ ঘৰটোলৈ গৈ গাড়ীৰ পৰা নামি এবাৰ চাই আহেগৈ বুলি বান্ধবী পুনমে এই প্রতিবেদকক জানিবলৈ দিয়ে।
ইফালেদি গোলাঘাটলৈ অনুষ্ঠান পৰিৱেশনৰ বাবে আহিলে উদ্যাপন সমিতিসমূহে জুবিনক গোলাঘাটৰ দৈয়াং, চৰাইদেউ আদি হোটেলত ৰাখি থলুৱা খাদ্যৰ জুতিৰে এসাঁজ খুৱাবলৈ চেষ্টা কৰে। জুবিন গাৰ্গেও থলুৱা খাদ্য সম্ভাৰৰ জুতিৰে অলপ অলপ হ'লেও খাদ্য গ্রহণ কৰি উদ্যোক্তাসকলৰ আপ্যায়ন ৰক্ষা কৰে। এনে এগৰাকী আৱেগিক জনপ্রিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাই গোলাঘাটবাসী শোকত ম্রিয়মাণ হৈ পৰিছে।