ডিজিটেল ডেস্কঃ ৰাজ্যিক কেবিনেটে আজি আশাকর্মী আৰু আশা ছুপাৰভাইজাৰৰ মাহেকীয়া নির্দিষ্ট মাননি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি আশাকৰ্মীসকলৰ মাহেকীয়া মাননি অহা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৩ হাজাৰ টকাৰ পৰা ৪ হাজাৰ টকালৈ বৃদ্ধিৰ কৰাৰ লগতে আশা ছুপাৰভাইজাৰসকলৰ মাহেকীয়া ৯ হাজাৰ টকাৰ পৰা ১০,২০০ টকালৈ বৃদ্ধিত কেবিনেটে অনুমোদন জনায়।
লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে ইয়াৰ উপৰি মিছন বসুন্ধৰাৰ অধীনত ভূমি আবণ্টন, প্রদূষণ নিয়ন্ত্রণ ব'ৰ্ডৰ নাম সলনিকে ধৰি কেইবাটাও প্ৰস্তাৱত অনুমোদন জনায়। কেবিনেট বৈঠকৰ পাছত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বড়াই লোকসেৱা ভৱনত আয়োজিত এখন সংবাদমেলত কেবিনেটৰ সিদ্ধান্তসমূহ ৰাজহুৱা কৰে।
মন্ত্ৰীদ্বয়ে প্রকাশ কৰা মতে মিছন বসুন্ধৰা ৩.০ৰ অধীনত শোণিতপুৰ, গোলাঘাট, মাজুলী আৰু কামৰূপ জিলাৰ বিভিন্ন শৈক্ষিক, ধর্মীয় আৰু সামাজিক-সাংস্কৃতিক আদি ১০১১টা অনুষ্ঠানক ভূমি আবণ্টনৰ প্ৰস্তাৱত কেবিনেটে অনুমোদন দিছে। সেই অনুসৰি শোণিতপুৰ জিলাত ৪৬৪, গোলাঘাট জিলাত ৩০৬, মাজুলী জিলাত ২০৫ আৰু কামৰূপ জিলাত ৩৬ মুঠ ১০১১টা প্রতিষ্ঠানক ভূমি আবণ্টন দিয়া হ'ব।
আনহাতে, মিছন বসুন্ধৰা ৩.০ৰ অধীনত চৰকাৰী শিক্ষা প্রতিষ্ঠান, কার্যালয়, স্বাস্থ্য কেন্দ্ৰ, অংগনৱাড়ী কেন্দ্ৰ তথা আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ১৪৬টা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্রহণ কৰা হয়। উক্ত সিদ্ধান্ত মর্মে শোণিতপুৰ জিলাত ১০৮ আৰু গোলাঘাট জিলাত ৩৮টা মুঠ ১৪৬টা প্রতিষ্ঠানক ভূমি আবণ্টন দিয়া হ'ব। আনহাতে আজি অনুষ্ঠিত কেবিনেটে প্রদূষণ নিয়ন্ত্রণ ব'ৰ্ড অসমৰ নাম সলনি কৰি অসম প্ৰদূষণ নিয়ন্ত্রণ ব'ৰ্ড হিচাপে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।