ডিজিটেল ডেস্ক: 'দাদা চাহেব ফাল্কে বঁটাৰ নিচিনাকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামটো চৰকাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰিব লাগে। অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত আসন সংৰক্ষণ হ'ব লাগে আৰু তেওঁৰ সৃষ্টিৰাজিৰ গৱেষণা হ'ব লাগে। ইয়াৰ বাবে যিমান টকা লাগে চৰকাৰে বহন কৰিব লাগে। স্কুলীয়া পাঠ্যক্রমত জ্যোতিপ্ৰসাদৰ জীৱন আৰু কৃতি সন্নিৱিষ্ট কৰিব লাগে।'- এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।
বাক্সা জিলাৰ বাগানপাৰাত শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ আয়োজিত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ কালি অন্তিম দিনৰ কাৰ্যসূচীত অংশ লৈ মুখ্য উপদেষ্টা ভট্টাচাৰ্যই পুনৰ কয়, জ্যোতিপ্রসাদ আগৰৱালাই যদি গুজৰাট বা দাক্ষিণাত্যৰ কোনোবা ঠাইত জন্মগ্রহণ কৰিলেহেঁতেন, তেন্তে তেওঁক বহু ওপৰৰ মৰ্যাদা দিয়া হ'লহেঁতেন। কিন্তু অসমত শিল্পীগৰাকীক উচিত মৰ্যাদা দিয়াত চৰম ব্যৰ্থ হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দর্ভত তেওঁ কয় যে এছ আই টিৰ ৰিপ'ৰ্টত জুবিন গাৰ্গক যিহেতু হত্যা কৰা বুলি কৈছে, সেয়ে হত্যাকাৰীক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে।
আনহাতে, শিল্পী দিৱসৰ কাৰ্যসূচীত অংশ লৈ কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য কৰে আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে। জ্যোতিপ্রসাদক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰক আহ্বান জনায় আছুৰ নেতাদ্বয়ে। অসম চুক্তিৰ ৬নং দফাৰ কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা দাবীসমূহ শীঘ্ৰে পূৰণৰ দাবী তোলে আছুবে। ইপিনে, আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক বিভাজনমুখী মন্তব্য নকৰিবলৈ সকীয়নি দিয়ে সদৌ অসম ছাত্র সন্থাই। ৰেজাউল কৰিমক ৰক্ষণাবেক্ষণ দিয়া সাংসদ গৌৰৱ গগৈক বাংলাদেশীৰ ৰক্ষক আখ্যা দি ৰেজাউল কৰিমে শিক্ষা জেহাদ ঘোষণা কৰি শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী-সদৃশ বনাবলৈ কৰা মন্তব্যক ধিক্কাৰ দিয়ে সদৌ অসম ছাত্র সন্থাই। উল্লেখযোগ্য যে শিল্পী দিৱসৰ লগত সংগতি ৰাখি কালি পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি উৎপল শর্মাই, শ্বহীদ তর্পণ কৰে সাধাৰণ সম্পাদক সমীৰন ফুকনে আৰু জ্যোতিপ্ৰসাদৰ প্ৰতিকৃতিত মাল্যার্পণ কৰে উপদেষ্টা ড° সমুজ্বল কুমাৰ ভট্টাচাৰ্যই।
পৰৱৰ্তী সময়ত আছুৰ লগতে অতিথিসকলে বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অভিবাদন গ্রহণ কৰে। ইয়াৰ পূৰ্বে তিনি হাজাৰ শিল্পীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰে আদৰণি জনায় অতিথিসকলক। বিয়লি আছুৰ সভাপতি উৎপল শৰ্মাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সাধাৰণ সম্পাদক সমীৰণ ফুকনে আঁত ধৰা এই সভাত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, এবছুৰ সভাপতি দ্বীপেন বড়ো, অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ দেৱৰাজ উপাধ্যায়, বিশিষ্ট লোকসংস্কৃতিবিদ তথা গৱেষক ড° অনিল শইকীয়া, আক্ৰাচুৰ সাধাৰণ সম্পাদক বলোৰাম বৰ্মনকে ধৰি বিভিন্ন সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে। আনহাতে, এই সভাতে কেন্দ্রীয় শিল্পী দিৱস উপলক্ষে উলিওৱা 'আলোকৰে যাত্রা' নামে স্মাৰকগ্রন্থ এখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যই। তেওঁ লগতে বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাই উলিওৱা স্মৃতিগ্রন্থ 'জ্যোতির্ময় বাগানপাৰা'ও উন্মোচন কৰে।