চৰকাৰৰ বাবেই ৩০% দাম বৃদ্ধি ৮৫০ বিধ ঔষধৰ 

dainik janambhumi June 15, 2025

ডিজিটেল ডেস্ক : শেহতীয়াকৈ ঔষধৰ দাম প্রায় ৩০ শতাংশ বৃদ্ধি পাইছে। ৮৫০ বিধ ঔষধৰ দাম বৃদ্ধিৰ ফলত সাধাৰণ লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। এই অভিমত চেণ্টাৰ অব্ মেডিকেল এণ্ড চেলছ ৰিপ্রেজেনটিভছ ইউনিয়ন (উত্তৰ পূব ৰিজন)ৰ। সংগঠনটোৰ উত্তৰ পূব ৰিজনৰ সাধাৰণ সম্পাদক ৰাহুল পুৰুকায়স্থই কয় যে ঔষধৰ ওপৰত থকা পণ্য আৰু সেৱা কৰ প্ৰত্যাহাৰ কৰিলেই প্ৰতিটো ঔষধৰে দাম, ৫-১৮ শতাংশ হ্রাস পাব। আনহাতে ঔষধৰ দাম ইয়াৰ উৎপাদন ব্যয়ৰ ওপৰত নিৰ্ধাৰণ কৰা উচিত বুলি জনাই তেওঁ কয় যে চৰকাৰখন পিছে এইবোৰ কথাত একেবাৰে উদাসীন। চৰকাৰৰ সিদ্ধান্তই সাধাৰণ মানুহৰ জীৱন বিপন্ন কৰি তুলিছে। বিশেষকৈ ঔষধৰ অনলাইন বিক্ৰীয়ে এক ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে। 

এক সমীক্ষা মতে ঘৰুৱা বজাৰৰ মুঠ ঔষধৰ লেনদেনৰ ১২-১৫ শতাংশ অনলাইন বিক্ৰীৰ দ্বাৰা নিয়ন্ত্ৰণ হৈছে। সকলোতকৈ ডাঙৰ কথা যে বৃহৎ বৃহৎ প্রতিষ্ঠানসমূহে সকলো নীতি-নিয়ম উলংঘা কৰি সামগ্ৰীৰ ৰেহাই বা কমিছনৰ বিজ্ঞাপন দিয়া আৰম্ভ কৰিছে। প্রণিধানযোগ্য যে জেনেৰিক ঔষধৰ সন্দৰ্ভতো প্রতিক্রিয়া প্রকাশ কৰে পুৰকায়স্থই। ঔষধৰ দাম বৃদ্ধিৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাবলৈ চৰকাৰে চেষ্টা কৰিছে বুলি জনাই তেওঁ লগতে কয় যে চৰকাৰৰ মতে ব্ৰেণ্ডেড ঔষধৰ বেয়া, সেয়েহে জেনেৰিক ঔষধ ক্ৰয় কৰিব লাগে। আনকি সকলো চিকিৎসককে, প্রেছক্রিপশ্যনত জেনেৰিক ঔষধ লিখিবলৈ নির্দেশ দিয়া হৈছে। ইয়াৰ বিপৰীতে একেখন চৰকাৰেই প্ৰতি বছৰে ব্ৰেণ্ডেড ঔষধৰ মূল্য ১০ শতাংশলৈ বৃদ্ধি কৰিবলৈ অনুমতি দিছে। চৰকাৰে ঔষধৰ দাম নিয়ন্ত্ৰণত গুৰুত্ব নিদি ঔষধৰ দামৰ ওপৰত কোনো ধৰণৰ খৰচভিত্তিক সীমা নির্ধাৰণৰ পৰিৱৰ্তে বজাৰক লক্ষ্য কৰি দাম নির্ধাৰণ কৰিবলৈ অনুমতি দিছে। 

সংগঠনটোৰ মতে ঔষধ কোম্পানীসমূহে তেওঁলোকৰ ব্যৱসায় দ্রুত বৃদ্ধিৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন অনৈতিক পদ্ধতি। ২০২০-২১ চনৰ ভিতৰত ৯.৭৭ শতাংশ বৃদ্ধিৰে ৪,২৭,১০৯ কোটি টকাৰ লেনদেন কৰিছে ভাৰতীয় ফাৰ্মা উদ্যোগে। এনে পৰিস্থিতিত ঔষধৰ দাম হ্রাস কৰা, ঔষধৰ ওপৰত থকা সামগ্ৰী আৰু সেৱা কৰ প্ৰত্যাহাৰ কৰা, ৰাজহুৱা খণ্ডৰ ঔষধ আৰু ভেকচিন উদ্যোগসমূহ পুনৰুজ্জীৱিত কৰা, আইন অমান্য কৰা ঔষধ কোম্পানীসমূহৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা, মুঠ ঘৰুৱা উৎপাদনৰ ৫ শতাংশ স্বাস্থ্য খণ্ডত ব্যয় কৰিবলৈকো দাবী জনাইছে সংগঠনটোৱে।

Share This