শ্বিলঙৰ পৰা শিলচৰলৈ গ্রীনফিল্ড হাইস্পীড কৰিডৰ নিৰ্মাণত অনুমোদন

dainik janambhumi May 01, 2025

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাৰ কাৰণে বুধবাৰে এক বৃহৎ প্রকল্পত অনুমোদন জনায়। মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা অসমৰ শিলচৰলৈ চাৰিলেনযুক্ত গ্রীনফিল্ড হাইস্পীড এছে কন্ট্রল কৰিডৰ নির্মাণত কালি অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে (চি চি ই এ) অনুমোদন জনায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা চি চি ই এৰ বৈঠকত অনুমোদন জনোৱা এই প্রকল্প হাইব্রীড এনুইটি ম'ডত নিৰ্মাণ কৰা হ'ব আৰু ইয়াৰ মুঠ দৈর্ঘ্য ১৬৬.৮০ কিল'মিটাৰ হ'ব। 

ইয়াৰে ১৪৪.৮০ কিল'মিটাৰ মেঘালয় আৰু বাকী ২২ কিল'মিটাৰ অসমত নির্মাণ কৰা হ'ব। এই কৰিডৰটো ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ হ'ব। হাইস্পীড কৰিডৰটো শ্বিলঙৰ কাষৰ মাভলিংখুঙৰ পৰা শিলচৰৰ কাষৰ পঞ্চগ্রামলৈ নির্মাণ কৰা হ'ব আৰু এই প্রকল্পত ২২,৮৬৪ কোটি টকা ব্যয় হ'ব। নিৰ্মাণ কৰিবলগীয়া হাইস্পীড কৰিডৰটোৱে গুৱাহাটী আৰু শিলচৰৰ মাজত পথ পৰিবহণ ব্যৱস্থা উন্নত কৰাত সহায় কৰিব। ইয়াৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু অসমৰ বৰাক উপত্যকাৰ সৈতে পথ যোগাযোগ ব্যৱস্থা সহজ আৰু দ্রুতগামী কৰি তোলাত সহায় কৰিব। এই হাইস্পীড কৰিডৰটোৱে যাত্ৰাৰ সময় হ্রাস কৰাৰ উপৰি সামগ্ৰীৰ পৰিবহণো সহজ কৰি তুলিব। 

প্রধানমন্ত্রী মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা চি চি ই এৰ বৈঠকত অনুমোদন জনোৱা এই প্রকল্পই উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশ বিশেষ মেঘালয়ৰ চিমেণ্ট আৰু কয়লা উৎপাদন কৰা অঞ্চলৰ সৈতে যোগাযোগ ব্যৱস্থা উন্নত কৰিব। পৰ্যটন খণ্ডৰ উন্নয়নতো ই সহায় কৰিব বুলি আশা কৰা হৈছে। আনহাতে, এই কৰিডৰে গুৱাহাটী আৰু শিলচৰৰ বিমান বন্দৰক ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিয়তে সংযোগিত কৰিব। এক্সপ্ৰেছ ৱে'টো মেঘালয়ৰ ৰিভয়, পূব খাচী পার্বত্য জিলা, পশ্চিম আৰু পূব জয়ন্তীয়া পার্বত্য জিলা তথা অসমৰ শিলচৰৰ মাজেৰে নিৰ্মাণ কৰা হ'ব। ইয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত নিয়োগৰ নতুন সুযোগ সৃষ্টি কৰিব বুলিও কোৱা হৈছে।

Share This