ডিজিটেল ডেস্ক : ১২ ফেব্ৰুৱাৰীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে মুকলি কৰা মাজুলী-লখিমপুৰ সংযোগী চেলেক-ধূনাগুৰি দলঙৰ চেলেক অংশৰ গাৰ্ড ৱালত ফাট দেখা পোৱাৰ পাছতেই কালি স্থানীয়ভাৱে প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। দলংখনৰ প্ৰথমখন গার্ড ৱালৰ পাছফালে থকা দ্বিতীয়খন গার্ড বৱালৰ এটা অংশত ফাট প্রত্যক্ষ কৰা বুলি স্থানীয় দল-সংগঠনে জানিবলৈ দিয়ে। বিষয়টোক লৈ তেওঁলোকে উদ্বেগ প্রকাশ কৰি আসোঁৱাহসমূহ শীঘ্ৰে দূৰ কৰিবলৈ দলং নিৰ্মাণকাৰী সংস্থাক দাবী জনায়। ইফালে নিৰ্মাণকাৰী সংস্থাই স্পষ্টকৈ জনায় যে বিষয়টো কাৰিকৰী বিজুতি নহয়। ইতিমধ্যে বিভাগীয় অভিযন্তা আৰু সংস্থাৰ অভিযন্তাৰ দলে উক্ত স্থানত উপস্থিত হৈ পৰিদৰ্শন কৰি পৰিস্থিতি মূল্যায়ন কৰিছে বুলি জানিবলৈ দিয়ে।
ৰাইজৰ আশংকা দূৰ কৰাৰ স্বাৰ্থত অতিশীঘ্ৰে প্রয়োজনীয় মেৰামতি সম্পন্ন কৰা হ'ব বুলিও তেওঁলোকে আশ্বাস দিয়ে। উল্লেখযোগ্য যে মাজুলী-লখিমপুৰ সংযোগী এই বৃহৎ দলং প্ৰকল্পৰ অন্তৰ্গত ৭৫০ মিটাৰ দৈৰ্ঘ্যৰ চেলেক অংশটো ১২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল। দলং সংযোগী পথসহ মুঠ ১৯.৪৫৭ কিল 'মিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পৰ ব্যয় ধৰা হৈছে ৭৮৫.৩৫ কোটি টকা। ইয়াৰে ৬৯৪.৭৭ কোটি টকা ই পি চি (EPC) ম'ডত সংশ্লিষ্ট ঠিকাদাৰী প্রতিষ্ঠানক আবণ্টন দিয়া হৈছিল।
অৱশ্যে আনুষ্ঠানিক মুকলি সম্পন্ন হ'লেও দলংখনৰ কিছু কাম এতিয়াও সম্পূর্ণ হোৱা নাই বুলি সংশ্লিষ্টমহলে জানিবলৈ দিয়ে। ৰাইজে বৃহৎ ব্যয়ৰ এই গুৰুত্বপূৰ্ণ সংযোগী দলংখনৰ ক্ষেত্ৰত গুণগতমান অক্ষুণ্ণ ৰাখি নির্মাণ সম্পূর্ণ কৰাৰ দাবী উত্থাপন কৰিছে। স্থানীয় লোকৰ আশা-মাজুলীৰ উন্নয়নৰ এই নতুন দুৱাৰখন যাতে সুদৃঢ় আৰু নিৰাপদ ৰূপত দীর্ঘকাল ধৰি সেৱা আগবঢ়াব পাৰে।