ডিজিটেল ডেস্ক: প্ৰকৃতিৰ অন্যতম লীলাভূমি শিৱসাগৰলৈ বছৰৰ প্ৰতিমাহে দেশ-বিদেশৰ অগণন পৰ্যটকৰ আগমন ঘটাতো এক চিৰপৰিচিত পৰম্পৰা। আহোম ৰাজত্ব কালৰ অলেখ সমলৰ কেন্দ্ৰস্থল শিৱসাগৰ জিলাৰ বিভিন্ন প্রান্তত বনভোজ দলৰ উপস্থিতিয়ে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ উপৰি শিৱসাগৰৰ ৰুদ্রসাগৰৰ মানকটা তিনিআলিৰ সমীপৰ ঐতিহাসিক পশুগড়ত বিৰাজমান হৈ উঠা আলহী পখীৰ কলৰৱ পৰ্যটকৰ বাবে হৈ পৰিছে অন্য এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
বছৰৰ প্ৰতিটো নৱবৰ্ষৰ প্রাক্ষণত তথা শীতৰ আগমনৰ লগে লগে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা ভিন্ন জাতৰ আলহী পখীৰ আগমন ঘটে ঐতিহাসিক পশুগড়লৈ। এছিয়াৰ প্ৰথমখন চিৰিয়াখানা নামেৰে পৰিচিত পশুগড়ত দিন-ৰাতি একাকাৰ কৰি আলহী পখীয়ে দৃষ্টিনন্দন পৰিৱেশ ৰচনা কৰি পৰ্যটকলৈ দিছে হাতবাউলি। জাক জাক আলহী পখীয়ে যেন সুধা ঢালিছে সংগীতৰ। পখীৰ কলৰৱত মুখৰিত পশুগড়ৰ প্ৰাকৃতিক সৌন্দর্যও বর্ণনাতীত। ঘনে ঘনে জাকে জাকে আহিছে- গৈছে আলহীপখী। মুক্ত মনেৰে বিচৰণ কৰা ভিন্ন ৰঙৰ আলহী পখীৰ বাবে পশুগড় যেন নিৰাপদ আশ্রয় স্থল।
জলস্তৰতেই নহয় পশুগড়ৰ পাৰে পাৰে জাক জাক আলহী পখীয়ে আনন্দত আত্মহাৰা হৈ সৃষ্টি কৰা কলকলনি পৰ্যটকৰ বাবে হৈ পৰিছে মন ভৰাই তোলা আত্মতৃপ্তি। পখীকুলে গঢ়ি তোলা দৃষ্টিনন্দন পৰিৱেশ উপভোগ কৰিবলৈ নিতৌ এছিয়াৰ প্ৰথমখন চিৰিয়াখানালৈ ডিচেম্বৰ মাহতো বাদেই ১ জানুৱাৰীৰ পৰা নিতৌ বৃদ্ধি পাইছে দেশ-বিদেশৰ পৰ্যটকৰ আশানুৰূপ আগমন।