ডিজিটেল ডেস্ক: নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তর্গত ৰাণীগড় স্বাস্থ্য বিষয়াৰ অধীনস্থ বৃহৎ অঞ্চল গুটিপাৰা এলেকাৰ এক মাত্র স্বাস্থ্য কেন্দ্রটো হ'ল গুটিপাৰা স্বাস্থ্য উপ কেন্দ্র।
উক্ত স্বাস্থ্য কেন্দ্ৰৰ অধীনত প্রায় ১০খন ৰাজহ গাঁৱৰ প্রায় ২০ হেজাৰৰ অধিক জনসংখ্যাৰ স্থায়ী বসবাস কৰে। গাঁওবোৰ হ'ল খেইৰাৰচৰ, চৌধুৰী চৰ, উজান গুটি পাৰা, ডালাপাৰা পশ্চিম গুটিপাৰা আদি প্রধান। এলেকাৰ চাৰিও পিনে গৌৰাং নদী টিপকাই আদি নদীয়ে ঘেৰি আছে। আন আন ঠাইৰ পৰা পৃথক হোৱাত এলেকাৰ ৰাইজে পূৰ্বেৰ পৰাই উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈছে। স্থানীয় সচেতন নাগৰিকৰ আপ্রাণ চেষ্টা তথা স্বাস্থ্য মন্ত্রী বিধায়কক আবেদন-নিবেদন কৰাৰ ফলত গুটিপাৰা অঞ্চলৰ ৰাইজৰ সুবিধার্থে সু-স্বাস্থ্যৰ বাবে স্বাস্থ্য উপ-কেন্দ্ৰটো চৰকাৰে অনুমোদন দিয়ে।
চিকিৎসা কেন্দ্ৰটোৰ বাবে প্রায়াত ছাজাহান আলী জোদ্দাৰে কেইবা বিঘা মাটি অনুদান দিয়ে। যোৱা ২০১১ চনত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা প্রায় ৫১ লাখ টকা আবণ্টন কৰে। চিকিৎসকৰ কেইবাটাও কোৱাৰ্টাৰ বাসগৃহ ঔষধৰ কোঠালিও নির্মাণ কৰা হয়। আজি প্রায় ১৫টা বছৰ অতিক্ৰম কৰিব হ'ল যদিও বিভাগৰ পৰা উন্নত চিকিৎসক বিনামূলীয়া ঔষধৰ যোগান ধৰা ব্যৱস্থা নাই। নাৰ্ছ, আশাকর্মীসকল আছে যদিও ঔষধৰ যোগান বিতৰণ ব্যৱস্থা নাই।
এলেকাৰ গৰ্ভৱতী মহিলা প্রসূতি নৱজাতক জটিল আৰু আকস্মিক ৰোগীৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নাই। চিকিৎসাৰ বাবে সুদীর্ঘ বগৰীবাৰী, বিলাসীপাৰা, কোকৰাঝাৰ আৰু ধুবুৰী আদিলৈ নিব লাগে। উক্ত চিকিৎসালয়খনত কৰ্মচাৰী সক্রিয় নকৰাত আৱাস গৃহৰ অধিকাংশই জহি-খহি ভাঙি-ছিঙি যাব ধৰিছে। ইয়াৰ সুৰক্ষা দিয়া কোনো পদক্ষেপ জিলা কর্তৃপক্ষই কৰা নাই। সম্প্রতি চিকিৎসালয়খন ভূতবাংলাত পৰিণত হৈছে।
উক্ত এলেকাৰ ৰাইজে বিজ্ঞান প্ৰযুক্তিৰ যুগতো উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈছে। স্থানীয় ৰাইজে বহুবাৰ স্থানীয় বিধায়ক বছিৰ আহমেদ কাচীমী, সাংসদ ৰকিবুল হুছেইন আৰু স্বাস্থ্য মন্ত্রীক উন্নত চিকিৎসাৰ বাবে চিকিৎসক নিয়োগৰ দাবী উত্থাপন কৰি আহিছে যদিও কোনো সুফল পোৱা নাই। সেয়ে, উক্ত চিকিৎসালয়টো সক্ৰিয় কৰাৰ বাবে আকৌ দাবী জনাইছে ৰাইজে।