ডিজিটেল ডেস্কঃ দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ।আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অসাধু চক্ৰই গুৱাহাটীৰ ভিন্ন প্ৰান্তত অবৈধ ঝাণ্ডি-মুণ্ডা, জুৱা অনুষ্ঠিত কৰি আহিছে। নুনমাটি আৰক্ষীয়ে কালি নিশা গীতামন্দিৰৰ বৈকুণ্ঠ নগৰত অবৈধ জুৱা (ঝাণ্ডী-মুণ্ডা)ৰ বিৰুদ্ধে অভিযান চলাই এটা জুৱাৰী চক্র উৎখাত কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ জালত পৰা জুৱাৰী চাৰিটা হৈছে লৱ বড়ো (৩৪) , কাৰ্তিক বড়ো (৩৭), মানস সিং (২৮),আৰু উজ্জ্বল মোছাহাৰী (১৯)।
আৰক্ষীৰ অভিযান কালত ঝাণ্ডী-মুণ্ডা খেলাৰ বাবে ব্যৱহাৰ কৰা দুটা পাত্ৰ, খেলৰ বাবে ব্যৱহাৰ কৰা দুটা বিশেষ মেট,১৬টা ঝাণ্ডী-মুণ্ডা পাশাৰ টুকুৰা আদি জুৱাৰ সামগ্ৰী জব্দ কৰে।
ধৃত অভিযুক্ত কেইজনৰ বিৰুদ্ধে এ জি বি আইনৰ ১৪/১৫ নং গোচৰৰ ভিত্তিত নুনমাটি আৰক্ষী থানাত গোচৰ ৰুজু কৰে।