গ্ৰন্থপ্ৰেমীৰ সমাগমত প্রাণোচ্ছল মেলাৰ বাকৰি, বছৰটোৰ অন্তিম দিনত গুৱাহাটীৰ অসম গ্রন্থমেলা

dainik janambhumi January 01, 2026

ডিজিটেল ডেস্ক : বিদায়ী বৰ্ষটোৰ অন্তিম দিনা গ্ৰন্থপ্ৰেমীৰ সমাৱেশত কালি উছৱমুখৰ হৈ উঠে অসম গ্রন্থমেলা, গুৱাহাটী। শীতৰ সন্ধিয়া গ্ৰন্থৰ সুবাস লৈ মনোমুগ্ধকৰ পৰিৱেশত পুথিপ্রেমীসকলে প্রাণোচ্ছল কৰি তোলে অসম গ্ৰন্থমেলাৰ বাকৰি। অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্রন্থমেলা, গুৱাহাটীত কালি পৰিলক্ষিত হয় আশাব্যঞ্জক ভিৰ। কুঁৱলী আচ্ছাদিত শীতৰ সন্ধিয়া লেখক-পাঠকৰ মাজত চলা সাহিত্যৰ আড্ডাই সজীৱ কৰি তোলে গ্ৰন্থমেলাৰ চোতাল। নতুন কিতাপ বিচাৰি অহা পঢ়ুৱৈৰ সংখ্যাও ক্রমান্বয়ে বাঢ়ি অহা পৰিলক্ষিত হৈছে বিপণীসমূহত। সমান্তৰালভাৱে ভাষা-সাহিত্য-সংস্কৃতিক লৈ আয়োজন কৰা ভিন্নসুৰী কাৰ্যসূচীয়েও আকৰ্ষণ বৃদ্ধি কৰিছে অসম গ্ৰন্থমেলাৰ।কালি বিয়ল ১ বজাৰ পৰা গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্রেক্ষাগৃহত আয়োজিত হয় 'গ্ৰন্থ যাত্ৰাৰ সুহৃদ সম্বোধন' শীর্ষক এটি ব্যতিক্রমী অনুষ্ঠান। 

চৰকাৰে ঘোষণা কৰা 'গ্ৰন্থ-বর্ষ'ৰে সংগতি ৰাখি গুৱাহাটীৰ উপৰি আন ৭খন চহৰতো আয়োজন কৰা অসম গ্ৰন্থমেলাৰ স্থানীয় সমন্বয়কসকলক লৈ আয়োজন কৰা অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়াই অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই কয়- 'এইবেলি সর্বাধিক অসম গ্রন্থমেলা আয়োজন কৰা হৈছে। এই অভিজ্ঞতা বিৰল আৰু মনোৰম। ৰাইজৰ ইতিবাচক সঁহাৰি দেখি এই গ্রন্থমেলাসমূহ সফল হোৱা বুলি ধাৰণা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ পৰিকল্পনাৰে অসম গ্রন্থমেলা ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে। ইয়াৰ ফলত অসমত গ্ৰন্থৰ প্ৰকাশ, প্ৰসাৰ অধিক গতিশীল হোৱাৰ লগতে বৌদ্ধিক তথা বিদ্যায়তনিক ক্ষেত্রখন সমৃদ্ধ হ'লে আমাৰ শ্রম সার্থক হোৱা বুলি ক'ব পাৰিম।' অনুষ্ঠানটি পৰিচালনা কৰে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, লেখক-সমালোচক তথা লখিমপুৰত অনুষ্ঠিত হৈ যোৱা অসম গ্ৰন্থমেলাৰ সমন্বয়ক ড° অৰবিন্দ ৰাজখোৱাই। তেওঁ কয় যে অসম গ্ৰন্থমেলাৰ ফলত ৰাজ্যখনত গ্রন্থ সংস্কৃতিৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি হোৱা বুলি বোধ হৈছে। অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাবে কেনেদৰে সফল অনুষ্ঠান কৰিব পাৰি তাৰ নিদৰ্শন দাঙি ধৰিছে অসম গ্রন্থমেলাৰ জৰিয়তে। তেওঁ লগতে অসম প্রকাশন পৰিষদে গ্ৰন্থৰ জৰিয়তে এক বৌদ্ধিক আন্দোলনৰ নেতৃত্ব প্রদান কৰা বুলি উল্লেখ কৰি কয়- 'আগন্তুক সময়ত ইয়াৰ সুফল আমি দেখিবলৈ পাম। অসম গ্রন্থমেলাৰ এই যাত্ৰা চিৰযুগমীয়া হৈ ৰওক।' অনুষ্ঠানটিত অংশগ্ৰহণ কৰা অসম গ্ৰন্থমেলাৰ স্থানীয় সমন্বয়কসকল হৈছে প্ৰণৱ কুমাৰ ডেকা (বঙাইগাঁও), নিবেদিতা চক্ৰৱৰ্তী, সন্দিপন দত্ত পুৰকায়স্থ (শিলচৰ), মুকুট ৰাজ শৰ্মা, হেমন্ত বর্মন (মঙলদৈ), ড° ৰাতুল কুমাৰ লাহন (লখিমপুৰ), শেলী দত্ত (তিনিচুকীয়া)। অনুষ্ঠানত অংশগ্রহণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰে অসম বুক হাইভৰ স্বত্বাধিকাৰী ধীৰাজ গোস্বামী, অনুষ্ঠান ঘোষিকা ময়ূৰী দত্তই। আকর্ষণীয় অনুষ্ঠানটিৰ আঁত ধৰে অসম গ্রন্থমেলাৰ সমন্বয়কদ্বয় ক্রমে কবি-লেখক নৱজ্যোতি পাঠক আৰু প্রবোধ দাসে। ইয়াৰ পাছত জুবিন গাৰ্গ সোঁৱৰণী প্রেক্ষাগৃহত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হয় অনুভৱ তুলসী সোঁৱৰণী কবি সম্মিলন। 

বিশিষ্ট কবি, বিজ্ঞানী বিপুলজ্যোতি শইকীয়াই সঞ্চালনা কৰা কবি সন্মিলনত কবিতা পাঠ কৰে ৰাজীৱ বৰুৱা, ৰাজীৱ বৰা, বিজয় শংকৰ বৰ্মন, দিগন্ত শইকীয়া, লুটফা হানুম চেলিমা বেগম, সৌৰভ শইকীয়া, বিভাৰাণী তালুকদাৰ, দেৱপ্ৰসাদ তালুকদাৰ, অৰ্চনা পূজাৰী, বিমল ডেকা, মৈত্রেয়ী পাটৰ, অংকুৰ ৰঞ্জন ফুকন, বর্ণালী বৰগোহাঁই, খঞ্জনা শৰ্মা, মানসী গগৈ, ৰাতুল কুমাৰ লাহন, প্রাঞ্জলজ্যোতি দত্ত, চন্দন গোস্বামীয়ে। আজি সন্ধিয়াৰ সাংস্কৃতিক প্রতিযোগিতাত অংশগ্ৰহণ কৰে অসম জ্ঞান বিকাশ বিদ্যালয়, হেঙেৰাবাৰী, এছ বি অ' এ পাব্লিক স্কুল, গড়চুক আৰু নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ে।

Share This