ভয়ংকৰ পৰিৱেশ! যোৰাবাটৰ ৰাজপথত যন্ত্ৰচালিত নাৱেৰে উদ্ধাৰ অভিযান

Kakali Deka May 30, 2025

ডিজিটেল ডেস্কঃ  নেৰানেপেৰা বৰষুণে গুৱাহাটীত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।  গুৱাহাটীত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানে ৰাইজৰ মাজত হাহাকাৰ লগাইছে।

যোৰাবাটতো একেই অৱস্থা দেখিবলৈ পোৱা গৈছে। যন্ত্ৰচালিত নাৱেৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে।

গুৱহাটীত চৌদিশে এতিয়া কেৱল পানী আৰু পানী। ভৰ বাৰিষাৰ নৈসদৃশ হৈ পৰিছে ৰাজপথ। বিপদত পৰিছে পথচাৰী, স্কুললৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰো বৰ আহুকাল হৈছে।

ইজাকৰ পাছত অহা সিজাক বৰষুণে ৰাজপথত বানৰ সৃষ্টি কৰিছে। 

পৰিস্থিতিলৈ লক্ষ্য ৰাখি যোৰাবাটত প্ৰশাসনে আৰম্ভ কৰিলে যন্ত্ৰচালিত নাও।যন্ত্ৰচালিত নাৱেৰে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় বাসিন্দাক নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।

উৎস: প্ৰাগ নিউজ ডিজিটেল
 

Share This