ডিজিটেল ডেস্ক : অসম চৰকাৰে বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে বনভূমি বেদখল কৰি থকা লোকসকলক এসপ্তাহৰ ভিতৰত আঁতৰি যাবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। গোলাঘাট জিলাৰ উৰিয়ামঘাটত চৰকাৰে বনভূমি বেদখল কৰি থকা লোকসকলক উচ্ছেদ কৰিবলৈ পদক্ষেপ লোৱাৰ সময়ত একাংশ লোক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ইয়াৰ পূৰ্বে ন্যায়ালয়ে চৰকাৰক উক্ত স্থানত ১৭ আগষ্টলৈ উচ্ছেদ নচলাবলৈ নির্দেশ দিছিল। সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অশ্বিনী কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে গোচৰটোৰ শুনানি গ্রহণ কৰি উচ্ছেদক লৈ এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক নির্দেশনা প্রদান কৰে।
ন্যায়ালয়ে ৭ দিনৰ ভিতৰত উৰিয়ামঘাটৰ বেদখলকাৰী বাসিন্দাক ঘৰ খালী কৰি সেই স্থানৰ পৰা আঁতৰি যাবলৈ কঠোৰ নিৰ্দেশ দিয়ে। তেওঁলোকে সেই স্থানত যিমান বছৰ বাস কৰিলেও তেওঁলোকে সেই স্থান এৰিব লাগিব বুলিও স্পষ্ট কৰে ন্যায়ালয়ে। বনাঞ্চল বেদখল কৰি কাকো থাকিবলৈ অনুমতি দিব নোৱাৰি বুলিও ন্যায়ালয়ে স্পষ্ট কৰে। আনহাতে ন্যায়ালয়ে চৰকাৰক ভৱিষ্যতে বেদখল ৰোধ কৰিবৰ বাবে ৰাজ্যৰ সকলো সংৰক্ষিত বনাঞ্চলৰ চাৰিওফালে কাঁইটীয়া তাঁৰৰ বেৰা দিবলৈ নির্দেশ দিয়ে। প্রতিখন সংৰক্ষিত বনাঞ্চলত চেক-গে'ট স্থাপনৰ নিৰ্দেশো দিয়ে ন্যায়ালয়ে। ইয়াৰ উপৰি চৰকাৰক বেদখলকাৰী আৰু বেদখলত উদগনি দিয়া বা পৃষ্ঠপোষকতা কৰা সংশ্লিষ্ট বিষয়াৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা আৰু শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰাৰ নিৰ্দেশো দিয়ে ন্যায়ালয়ে। লক্ষণীয়ভাৱে এতিয়াৰ পৰা বনভূমিত বেদখল উচ্ছেদ কৰাৰ পূৰ্বে চৰকাৰে উচ্ছেদৰ সঠিক নীতি-নির্দেশনা মানি চলিবলৈ চৰকাৰক নিৰ্দেশ দিয়া হৈছে। এই অনুসৰি ভৱিষ্যতে উচ্ছেদৰ পূৰ্বে বেদখলকাৰীলৈ সঠিক নিয়মেৰে জাননী জাৰি কৰিব লাগিব চৰকাৰে। এই জাননী জাৰি কৰাৰ পাছত প্রথমে উত্তৰ দিবলৈ ১৫ দিনৰ সময় দিব লাগিব আৰু তাৰ পাছতো সেই স্থান নিজে এৰি আঁতৰি যাবলৈ অন্য ১৫ দিন সময় দিব লাগিব। তাৰ পাছতহে উচ্ছেদ অভিযান চলাব পাৰিব। এই উচ্ছেদ চলোৱাৰ সময়ত চৰকাৰক সকলো নীতি-নিয়ম মানি চলিবলৈয়ো নির্দেশ দিয়ে।
ইফালে ন্যায়ালয়ৰ এই নির্দেশক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাই এই ৰায়ক ঐতিহাসিক আখ্যা দিয়ে। জি এম চি এইচ পৰিদৰ্শন কৰিবলৈ গৈ তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে বনাঞ্চলত যাতে কেতিয়াও বেদখল হ'ব নোৱাৰে, তাৰ বাবে কঠোৰ নীতি-নিয়মৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে যিবিলাক বিষয়াৰ দিনত বেদখল হৈছিল, তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'বৰ বাবেও চৰকাৰক ন্যায়ালয়ে নির্দেশ দিয়া বুলি তেওঁ কয়। ইফালে চৰকাৰী বিষয়াৰ পৃষ্ঠপোষকতাত ৰাজ্যৰ বনাঞ্চলত ২০০৬-১৪ চনৰ ভিতৰত বেদখল হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে কয় যে যিজন বন বিষয়াই এই কাম কৰিছিল, এতিয়া গোৱালপাৰাত তেৱেঁই উচ্ছেদিতৰ হৈ ওকালতি কৰি আছে। আদালতে এসপ্তাহৰ স্থানত ১৫ দিন সময় দি জাননী জাৰি কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়াৰ উপৰি উচ্ছেদ কৰিবলগীয়া কোনো লোকে যদি তেওঁৰ ভূমি ৰাজহ ভূমি বুলি দাবী কৰে তেনেহ'লে তেওঁৰ কথা চৰকাৰক শুনাৰ পৰামৰ্শও দিয়া বুলি মুখ্যমন্ত্রীজনে সদৰী কৰে। চৰকাৰে বেদখলমুক্ত কৰিবৰ বাবে যি পদক্ষেপ লৈছে তাত ন্যায়ালয়ে এটা ঐতিহাসিক মোহৰ মৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে কয় যে ন্যায়ালয়ে চৰকাৰতকৈ আগলৈ গৈ বিষয়টো অধিক নিশ্চিত কৰিলে। এই ৰায় এতিয়াৰ পৰা এটা ইউনিফর্ম নির্দেশনা হৈ পৰা বুলিও তেওঁ উল্লেখ কৰি ইয়াৰ ফলত চৰকাৰে বেদখলকাৰীৰ কবলত থকা বহু বনভূমি এতিয়া উদ্ধাৰ কৰিবলৈ চৰকাৰ সক্ষম হ'ব। এই ৰায়ে চৰকাৰৰ হাত শক্তিশালী কৰিব বুলিও তেওঁ কয়। ভি জি আৰ, পি জি আৰৰ উপৰি ৰাজহ ভূমিৰ ওপৰত ইতিমধ্যে ন্যায়ালয়ে ৰায় দি থৈছে বুলি উল্লেখ কৰি এতিয়া বনভূমিৰ ক্ষেত্রতো নীতি-নির্দেশনা লাভ কৰাৰ ফলত চৰকাৰৰ বেদখলমুক্ত কৰাৰ অভিযান অধিক সহজ হৈ পৰিব বুলি তেওঁ কয়। বনভূমিৰ বেদখলক লৈ যিসকলে ৰাজনীতি কৰি আছিল সেয়াও আজি মুদা মৰিল বুলি তেওঁ কয়।