গুৱাহাটীস্থিত বাংলাদেশৰ উচ্চায়ুক্ত কার্যালয়ত বিক্ষোভ

dainik janambhumi January 06, 2026

ডিজিটেল ডেস্ক : বাংলাদেশত হিন্দুৰ ওপৰত সংঘটিত নিৰ্যাতনৰ প্রতিবাদত কালি গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্রদর্শন কৰা হয়। বিশ্ব হিন্দু মহাসংঘৰ অসম প্রদেশ শাখাই কালি এই বিক্ষোভ প্রদর্শন কৰি বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন   চৰকাৰৰ উপদেষ্টা তথা ন'বেল বঁটা বিজয়ী অর্থনীতিবিদ মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰে। 

উল্লেখযোগ্য যে শেহতীয়াকৈ বাংলাদেশৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ সুযোগ গ্রহণ কৰি চুবুৰীয়া দেশখনত হিন্দু নাগৰিকৰ ওপৰত ধাৰাবাহিক নির্যাতন কৰা হৈছে। দেশখনত হোৱা এই নিৰ্যাতনৰ প্ৰতিবাদ কৰি কালি গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শতাধিক প্রতিবাদীয়ে বিক্ষোভ প্রদর্শন কৰে। প্ৰতিবাদীসকলে বাংলাদেশ চৰকাৰৰ লগতে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা বিশিষ্ট অর্থনীতিবিদ মহম্মদ ইউনুছ-বিৰোধী শ্ল'গানেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। বিশ্ব হিন্দু মহাসংঘই বাংলাদেশত হিন্দু নাগৰিকৰ ওপৰত চলা বৰ্বৰ অত্যাচাৰ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি সকীয়াই দিয়ে। প্রতিবাদীসকলে বাংলাদেশত হিন্দু নাগৰিকৰ ওপৰত নির্যাতন বন্ধ কৰিবলৈয়ো দাবী কৰে। 

এই বিষয়ত সংগঠনটোৱে ইতিপূর্বে কেইবাবাৰো দেশখনৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত স্মাৰক-পত্ৰ প্ৰদান কৰাৰ পাছতো কোনো সুফল নোপোৱাৰ বাবেই কালি প্ৰতিবাদ সাব্যস্ত কৰা বুলি প্রতিবাদকাৰীসকলে প্রকাশ কৰে। সংগঠনটোৱে হিংসাৰ পথ নল'বলৈ আহ্বান জনোৱাৰ লগতে দেশখনত হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰিবলৈ সকীয়াই দিয়ে। অন্যথা সংগঠনটোৱেও ইয়াত হিংসাৰ পথ গ্রহণ কৰিবলৈ বাধ্য হ'ব বুলিও প্রকাশ কৰে। এই পথ ল'বলৈ বাধ্য নকৰিবলৈয়ো বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তক সকীয়াই দিয়ে।

Share This