চানমাৰিত 'কণ্ঠশিল্পী অসম'ৰ ব্যতিক্ৰমী উদ্যোগ, হিয়াৰ আমঠু জুবিন গাৰ্গলৈ সুৰৰ অৰ্ঘ্য ২০০ শিল্পীৰ

dainik janambhumi November 20, 2025

ডিজিটেল ডেস্ক :  বেলেগৰ আমন্ত্ৰণত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন মঞ্চত অনুষ্ঠান কৰি থকা কণ্ঠশিল্পীসকল একত্রিত হৈ যোৱাকালি গুৱাহাটীৰ চানমাৰিৰ অভিযান্ত্রিক খেলপথাৰত জুবিনৰ গীতেৰেই লিজেন্ড জুবিনক এক অনন্য আৰু ব্যতিক্রমী শ্রদ্ধাঞ্জলি জনায়। চানমাৰিৰ অভিযান্ত্রিক খেলপথাৰৰ অস্থায়ী মঞ্চ কালি গুমগুমাই উঠিল দুশৰো অধিক শিল্পী, ৮০ৰো অধিক বাদ্যযন্ত্ৰী আৰু ৮গৰাকী সংগীত পৰিচালকৰ সুৰৰ অনবদ্য ঝংকাৰত। দৰ্শক অনুৰাগীৰে উপচি পৰা অসমৰ প্ৰতিগৰাকী শিল্পীৰ কণ্ঠত নামি আহিল কেৱল জুবিনৰ গান, যেন জুবিন কালি নামি আহিল সুৰ হৈ চানমাৰিৰ মঞ্চলৈ। এই অনুষ্ঠানত জুবিনৰ ভগ্নী পামী বৰঠাকুৰৰ কণমানি কন্যায়ো মোমায়েকলৈ এটা গানেৰে শ্ৰদ্ধাঞ্জলি জনায়। 'কণ্ঠশিল্পী' অসমৰ উদ্যোগত যোৱাকালি আয়োজিত 'জুবিন জোনাক কণ্ঠলৈ সুৰৰ অঘ্য' শীর্ষক এই সুৰীয়া, যাত্ৰাটোত নামী-অনামী সকলো শিল্পীয়ে জুবিনৰ দুকুৰিৰো অধিক গান পৰিৱেশন কৰে। 

উল্লেখযোগ্য যে এইসকল শিল্পীকে এদিন হাতত ধৰি জুবিনে আগবঢ়াই নিছিল সুৰৰ পৃথিৱীখনত, সন্মুখৰ পৰা নেতৃত্ব দিছিল শিল্পীসকলৰ পেছাদাৰী জীৱনৰ প্ৰতিটো ঘাত-প্রতিঘাতত। কালি এইসকল শিল্পীয়েই তেওঁলোকৰ ভাতৃ, তেওঁলোকৰ গুৰু জুবিনলৈ আগবঢ়ালে সুৰৰ একাঁজলি শ্রদ্ধাঞ্জলি। যোৱাকালিৰ অনুষ্ঠানটোৰ সম্পৰ্কত কণ্ঠশিল্পী দীপলিনা ডেকাই কয় যে প্রায় ডেৰ মাহৰ প্ৰস্তুতিৰে এই অনুষ্ঠানটো কণ্ঠশিল্পী সমাজে অনুষ্ঠিত কৰিছে। তেওঁ কয় যে ইমানদিনে অনুষ্ঠানটোৰ প্ৰস্তুতিত ব্যস্ত হৈ থকাৰ পাছত আজি সেই দিনটো আহি পোৱাত মনটো গধুৰ হৈ উঠিছে। কণ্ঠশিল্পী প্রিয়ংকা ভৰালীয়ে কয় যে আজি অসমৰ প্ৰতিখন জিলাৰ পৰা অহা শিল্পীসকলে জুবিন সত্তাটো উদ্যাপন কৰিব। সকলোকে এক কৰি থৈ যোৱা জুবিন গাৰ্গ দ্বিতীয় এজন নোলাব বুলিও উল্লেখ কৰি তেওঁ কয় যে আজিৰ অনুষ্ঠান হ'ল তেৱেঁই মাৰ্গদৰ্শন কৰি যোৱা ভাতৃ-ভগ্নীসকলে তেওঁলৈ জনোৱা এক শ্রদ্ধাঞ্জলি। আনহাতে, কণ্ঠশিল্পী দীক্ষুৱে কয় যে এতিয়াও জুবিন দা যে নাই তেনে লগা নাই। জুবিনৰ ন্যায়ৰ কাৰণে সকলোৱে ৰৈ আছে বুলি মন্তব্য কৰি দীক্ষুৱে কয় যে জুবিন দাই উচিত আৰু খৰতকীয়াকৈ ন্যায় লাভ কৰিব লাগিব। 

ইফালে, প্রবীণ কণ্ঠশিল্পী নমিতা ভট্টাচার্যই কয় যে নতুন শিল্পীসকলে আজি যি আয়োজন কৰিছে সেয়া সঁচাকৈ শলাগিব লগীয়া আৰু আজি জুবিনৰ আত্মাই শান্তি পাব। কণ্ঠশিল্পী ভৃগু কাশ্যপে জুবিন দাই আজিৰ এই অনুষ্ঠান চাব আৰু তেওঁলোকক আশীর্বাদ কৰিব বুলি আশা কৰে। কণ্ঠশিল্পী জয় বৰুৱাই 'অনামিকা'ৰে জুবিনলৈ সুৰৰ অৰ্ঘ্য জ্ঞাপন কৰে। জুবিনৰ ভাগিনীয়েক পৰী বৰঠাকুৰে মোমায়েকে ভালপোৱা 'দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাক' গীতেৰে মোমায়েকক স্মৰণ কৰে। অভিনেতা জয় কাশ্যপে কয় যেতিয়ালৈকে উশাহ থাকিব, জুবিন দা থাকিব, যেতিয়ালৈকে জীৱন থাকিব, জুবিন দা থাকিব।

Share This