গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত জঘন্য ঘটনা; দুই যুৱকৰ কামনাৰ বলি নাবালিকা

Rashmi November 20, 2025

ডিজিটেল ডেস্কঃ  গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল জঘন্য ঘটনা। দুই যুৱকৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা। নাৰেংগীৰ বীৰকুছিত নাবালিকা যুৱতীক বলাৎকাৰ কৰি আৰক্ষীৰ জালত পৰিল দুই অভিযুক্ত যুৱক ।

গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ এগৰাকী নাবালিকাক বিভিন্ন প্রলোভন দি বলাৎকাৰ কৰে গৌৰৱ বৰ্মন আৰু জিতুল ঠাকুৰীয়া নামৰ দুটা অভিযুক্তই।

অভিযুক্ত গৌৰৱ বৰ্মন আৰু জিতুল ঠাকুৰীয়াই নাবালিকা ১৭ বছৰীয়া ছোৱালীজনীৰ সৈতে দীৰ্ঘদিন ধৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল।

এই সন্দৰ্ভত ছোৱালীজনীয়ে সকলো কথা পিতৃ-মাতৃক বিৱৰি কয়। তেওঁ দুই যুৱকৰ মানসিক অত্যাচাৰত অতিষ্ঠ হৈ মাতৃক এই বিষয়ে অৱগত কৰে।

ঘটনা সন্দর্ভত ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালে নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।  উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি নুনমাটি আৰক্ষীয়ে অভিযুক্ত দুই যুৱকক গ্ৰেপ্তাৰ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা POCSO আইনৰ ধাৰাৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, অভিযুক্ত গৌৰৱ বৰ্মন আৰু জিতুল ঠাকুৰীয়া ভুক্তভোগী নাবালিকাগৰাকীৰ সম্পৰ্কীয় ভাই-ককাই।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This