ডিজিটেল ডেস্কঃ মহানগৰীৰ নুনমাটিৰ নিজৰাপাৰত প্ৰেমিকাই অত্যধিক ড্ৰাগছ সেৱন কৰাই নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।
উল্লেখযোগ্য যে নুনমাটিৰ শালবাৰীৰ বাসিন্দা আমিনা বেগম ওৰফে অনুৱে দিল্লীত কল চেণ্টাৰত কাম কৰি আছিল। আমিনা বেগম ওৰফে অনুৱে ফে’চবুকৰ জৰিয়তে নুনমাটিৰ নিজৰাপাৰৰ ছাৰুখ আহমেদ ওৰফে বিকিৰ লগত প্ৰেমৰ সম্পৰ্কত আহিছিল ৷ ১৫ দিন পূৰ্বে দিল্লীৰ পৰা আহি আমিনা বেগম ওৰফে অনুৱে নুনমাটিৰ নিজৰাপাৰৰ ছাৰুফ আহমেদ ওৰফে বিকিৰ ঘৰত বলপূৰ্বক সোমাই যায়।
ঘৰত প্ৰৱেশ কৰি আমিনা বেগম ওৰফে অনুৱে কৌশলেৰে ছাৰুখ আহমেদ ওৰফে বিকিৰ সহায়ত তেওঁৰ মাতৃ, ককায়েক আৰু ভাই বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিয়ে। বিগত ১৫ দিন ধৰি উক্ত ঘৰটোত আমিনা বেগম ওৰফে অনুৱে ছাৰুখ আহমেদৰ লগত বাস কৰি আছিল।
কালি ঘৰৰ ভিতৰত প্ৰেমিক ছাৰুখ আহমেদৰ ৰহস্যজনকভাৱে মৃত্যু হয়। ঘটনাৰ সন্দৰ্ভত পৰিয়ালে নুনমাটি থানাত খবৰ দিয়ে। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ জি এম চি এইচ লৈ প্ৰেৰণ কৰে।
প্ৰেমিকা আমিনা বেগম ওৰফে অনুৱে ড্ৰাগছ সেৱন কৰে বুলি মৃত যুৱকজনৰ পৰিয়ালে অভিযোগ কৰে। প্ৰেমিকা আমিনা বেগম ওৰফে অনুৱে অত্যধিক ড্ৰাগছ সেৱন কৰাই বিকিক নৃশংসভাৱে হত্যা কৰা বুলি মাতৃ ডলি বেগমে অভিযোগ উত্থাপন কৰে।
অৱশ্যে তেওঁলোকৰ বিয়াৰ দিন-বাৰ ঠিক হোৱাৰ বাবেই মাতৃ, ককায়েক আৰু বৌৱেকে বিকিক হত্যা কৰা বুলি প্ৰেমিকা আমিনা বেগম ওৰফে অনুৱে অভিযোগ উত্থাপন কৰে।
আনহাতে, ড্ৰাগছ সেৱন কৰাৰ বাবেই বিকিৰ মৃত্যু হোৱা বুলি ডি চি পি অমিতাভ বসুমতাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনে যুৱকজনৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰিব বুলি ডি চি পি অমিতাভ বসুমতাৰীয়ে দাবী কৰিছে।
উৎস: প্ৰাগ নিউজ ডিজিটেল