ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অত্যধিক ড্ৰাগছ সেৱন কৰি এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে।
এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ পানীখাইতী আৰক্ষী চকীৰ অন্তৰ্গত আমগাঁৱৰ তাৰিবাগানত। আমগাঁৱৰ তাৰিবাগানত দেওবাৰে নিশাৰ ভাগত আমজাদ আলী নামৰ ২৩ বছৰীয়া যুৱকৰ মৃত্যু হয়।
মৃত আমজাদ আলীয়ে অত্যধিক ড্ৰাগছ সেৱন কৰাৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে দাবী কৰিছে। দীৰ্ঘদিন ধৰি অত্যধিক ড্ৰাগছ সেৱন কৰাৰ বাবেই ৰোগত আক্ৰান্ত হৈ যুৱকজনৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।
অৱশ্যে যুৱকজনৰ পিতৃয়ে আমজাদ আলী যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি দাবী কৰিছে। উল্লেখযোগ্য যে কালি নিশা ১০ বজাত আমজাদ আলীক পৰিয়ালে স্থানীয় হাস্পটেললৈ নিয়ে যদিও চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি মৃত ঘোষণা কৰে।
উল্লেখযোগ্য যে আমগাঁৱৰ তাৰিবাগানত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা। আমগাঁৱৰ তাৰিবাগানৰ সৰহসংখ্যক পৰিয়ালৰ ঘৰত যুৱক-যুৱতীয়ে ড্ৰাগছ সেৱন কৰা বুলি স্থানীয় সমাজকৰ্মী ৰাজীৱ আহমেদে অভিযোগ কৰে। নতুন প্ৰজন্মক ড্ৰাগছৰ কৰাল গ্রাসৰ পৰা ৰক্ষা কৰিবলৈ সমাজকৰ্মী ৰাজীৱ আহমেদে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল