ডিজিটেল ডেস্ক : গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম অহা ডিচেম্বৰ-জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে প্রস্তুতি চলাই থকা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ৰাষ্ট্ৰীয় ঘাইপথত নির্মাণকার্য চলাই থকা ট্রাম্পেট জংছন অর্থাৎ একাধিক পথৰ আন্তঃসংযোগকাৰীৰ স্থান পৰিদৰ্শন কৰি এই মন্তব্য কৰে। এই পৰিদৰ্শনকালতে মুখ্যমন্ত্ৰীয়ে নিৰ্মাণকাৰ্যৰ লগত জড়িত প্রতিষ্ঠানৰ প্ৰতিনিধি, লোকনির্মাণ বিভাগৰ অভিযন্তাৰ উপস্থিতিত ট্রাম্পেট জংছনৰ নিৰ্মাণকাৰ্যৰ বিভিন্ন কাৰিকৰী দিশকে ধৰি অন্যান্য দিশসমূহৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে সময় নির্ধাৰিতভাৱে এই কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে।
ইয়াৰ পিছতে সাংবাদিকক সম্বোধি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ব্ৰহ্মপুত্ৰৰ ওপৰত নির্মীয়মাণ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম অহা ডিচেম্বৰ-জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে। এই দলংখন সম্পূর্ণ হৈ উঠিলে প্রথম পর্যায়ত যান-বাহনসমূহ জি এন আৰ চি আৰু আই আই টি হৈ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰৱেশ কৰিব লাগিব, কিয়নো তেতিয়ালৈকে গৌৰীপুৰত ৰাষ্ট্ৰীয় ঘাইপথত নির্মাণকার্য চলাই থকা ট্রাম্পেট জংছনৰ কাম সম্পূর্ণ হৈ নুঠিব। তেওঁ কয় যে ট্রাম্পেট জংছনৰ নিৰ্মাণকাৰ্য অহা বছৰ মে'- জুন মাহত সম্পূৰ্ণ হ'ব।
গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ চলাই থকা ট্রাম্পেট জংছনটো সম্পূৰ্ণ হৈ উঠাৰ পিছত দ্বিতীয় পর্যায়ত পোনপটীয়াকৈ গৌৰীপুৰ হৈ নতুন দলঙেৰে গুৱাহাটীলৈ যাতায়াত ব্যৱস্থা মুকলি হ'ব। আজিৰ এই পৰিদৰ্শনৰ সময়ত লোকনির্মাণ (পথ) বিভাগৰ বিশেষ আয়ুক্ত সচিব বিভূতি শইকীয়া, কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্র, বহিঃ সাহায্যপ্রাপ্ত প্রকল্প (ই এ পি)ৰ মুখ্য অভিযন্তা প্রমুখ্যে লোকনিৰ্মাণ (পথ) বিভাগৰ অভিযন্তা, নিৰ্মাণ প্ৰতিষ্ঠানৰ অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞসকল উপস্থিত থাকে।