অসুৰক্ষিত মহানগৰৰ ৰাজপথ

dainik janambhumi April 20, 2025

ডিজিটেল ডেস্কঃ কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিয়ে গুৱাহাটীৰ ৩৩টা স্থানক 'ব্লেক স্পট' অর্থাৎ দুর্ঘটনাপ্রৱণ এলেকা হিচাপে চিহ্নিত কৰিছে। ইয়াৰে ২৫টা স্থান ৰাষ্ট্ৰীয় ঘাইপথত আৰু আন ৮টা এলেকা লোকনির্মাণ বিভাগৰ পথত আছে।

ইয়াৰ ভিতৰত আজাৰা থানাৰ অধীনৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৩টা, গড়চুক থানাৰ অধীনৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৩টা, যোৰাবাট আৰক্ষী চকীৰ অধীনৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৬টা, ভৰলুমুখ থানাৰ অধীনৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৪টা, জালুকবাৰী আৰক্ষী চকীৰ অধীনৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৬ টা, খানাপাৰা আৰক্ষী চকীৰ অধীনৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা আৰু ক্ষেত্ৰী থানাৰ অধীনৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২টা স্থান আছে। তেনেদৰে লোকনিৰ্মাণ বিভাগৰ পথৰ পল্টন বজাৰ থানাৰ অধীনত এটা, সাতগাঁও থানাৰ অধীনত এটা, ভঙাগড় থানাৰ অধীনত এটা, পাণবজাৰ থানাৰ অধীনত ২টা, ফটাশিল আমবাৰী থানাৰ অধীনত এটা আৰু ভৰলুমুখ থানাৰ অধীনত ২টা স্থানক 'ব্লেক স্পট' হিচাপে চিহ্নিত কৰা হৈছে। কিন্তু 'ব্লেক স্পট' হিচাপে চিহ্নিত কৰা স্থানসমূহত প্রয়োজনীয় সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰিব নোৱাৰাৰ ফলতেই দুৰ্ঘটনাৰ সীমা-সংখ্যা নোহোৱা হৈ পৰিছে। উল্লেখযোগ্য যে ২০২২ চনতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই অপৰাধ আৰু দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে নিশাৰ ভাগত পুলিচৰ পেট্ৰ'লিং শক্তিশালী কৰিবলৈ অসম আৰক্ষীক আহ্বান জনাইছিল যদিও কামত নাহিল।

তেনেদৰে ২০২৩ বৰ্ষৰ ২৯ মে'ত জালুকবাৰীত সংঘটিত পথ দুৰ্ঘটনাত সাতগৰাকীকৈ ছাত্ৰৰ মৃত্যুৰ পাছতেই দুর্ঘটনা ৰোধ কৰাৰ বাবে সেই সময়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্বত থকা জি পি সিঙে নতুন একশ্যন প্লেন গ্ৰহণ কৰি অত্যধিক দুর্ঘটনা সংঘটিত হোৱা ৭খন জিলালৈ কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে সুৰাপায়ী চালকৰ বিৰুদ্ধে জিৰ' টলাৰেঞ্চ নীতি গ্রহণ কৰিবলৈ নির্দেশনা জাৰি কৰিছিল। ইয়াৰ পাছতেই তৎপৰ হৈ পৰিছিল যান-বাহন আৰক্ষীৰ লগতে পৰিবহণ বিভাগ। নিশাৰ ভাগত গুৱাহাটী মহানগৰৰ বিভিন্ন পথৰ লগতে দাঁতি কাষৰীয়া অঞ্চলতো পৰিবহণ বিভাগে ব্রেথ এনালাইজাৰেৰে যান-বাহনৰ চালকসকলক পৰীক্ষা কৰা পৰিলক্ষিত হৈছিল। পৰিবহণ বিভাগৰ এই অভিযান নিশা সঘনাই চলিব বুলি বিষয়াসকলে জানিবলৈ দিছিল যদিও কিছু দিন যোৱাৰ পাছতেই পুনৰ আৰক্ষীয়ে এই অভিযান শিথিল কৰাত ৰাজপথত।

Share This