ডিজিটেল ডেস্কঃ এজাক মুষলধাৰ বৰষুণৰ পাছতেই গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা ভয়াৱহ কৃত্রিম বান আৰু যান-'জঁটে মহানগৰবাসীক নগুৰ-নাগটি অৱস্থাৰ সৃষ্টি কৰি আহিছে। গুৱাহাটীৰ কৃত্রিম বানৰ সন্দর্ভত শেহতীয়াকৈ বিভাগীয় মন্ত্রী জয়ন্ত মল্ল বৰুৱাই 'গুৱাহাটীক কৃত্রিম বান নোহোৱা কৰিব নোৱাৰিম' বুলি কোৱা মন্তব্যত ক্ষোভ প্রকাশ কৰিছে আম আদমি পার্টি অসম ৰাজ্যিক সমিতিয়ে।
এক প্রেছ বার্তা যোগে আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই সন্দৰ্ভত কয় যে কংগ্ৰেছৰ ১৫ বছৰ, বিজেপিৰ ৯ বছৰীয়া শাসন কালত কৃত্রিম বানৰ যন্ত্ৰণাৰ পৰা মুক্ত নহ'ল গুৱাহাটী মহানগৰ। গুৱাহাটী পৌৰ নিগমৰ নির্বাচন, লোক সভা, বিধানসভাৰ প্ৰায় প্ৰতিটো নির্বাচনতে বানমুক্ত গুৱাহাটীৰ প্রতিশ্রুতি দিয়া বিজেপি চৰকাৰৰ মহানগৰৰ কৃত্রিম বান ৰোধৰ বাবে গ্রহণ কৰা সকলো পদক্ষেপ কার্যতঃ ব্যর্থ হোৱাৰ বাবেই মহানগৰবাসীয়ে অধিক সমস্যাৰ সম্মুখীন হ'বলগীয়াত পৰিছে।
গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ দায়িত্বত থাকোঁতে মন্ত্রী অশোক সিংহলেও বানমুক্ত গুৱাহাটীৰ বাবে হেলিকপ্টাৰেৰে গুৱাহাটী নলা-নর্দমা পৰিদৰ্শন কৰি গুৱাহাটীত কৃত্রিম বান নহ'ব বুলি গেৰান্টি দিব নোৱাৰি বুলি মন্তব্য কৰিছিল। কৃত্রিম বানৰ সমস্যা সমাধানৰ বাবে চৰকাৰে আজিলৈকে সঠিক বিজ্ঞানসম্মত আঁচনি আৰু পৰিকল্পনা নকৰাৰ বাবেই দিনকদিনে সমস্যা অধিক গভীৰ হৈ গৈ আছে বুলি আম আদমি পার্টিয়ে অভিযোগ উত্থাপন কৰে। মহানগৰৰৰ কৃত্রিম বান ৰোধৰ বাবে লাখ টকীয়া ৰবট, কোটি টকীয়া ছুপাৰ ছাকাৰ, কেইবাখনো টেংকাৰ। ক্ৰয় কৰাৰ নামত কোটি কোটি টকা খৰচ কৰাৰ পাছতো আজিলৈকে পূৰ্বেকিয় কৃত্রিম বানৰ সমস্যা সমাধান কৰিব পৰা নাই বুলি দলটোৱে প্রশ্ন উত্থাপন কৰে। উল্লেখযোগ্য যে আম আদমি পার্টিয়ে অসম চৰকাৰক বানমুক্ত গুৱাহাটীৰ বাবে যাৱতীয় সকলো ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।