গুৱাহাটীত নৱম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন

Rashmi May 02, 2025

ডিজিটেল ডেস্কঃ গুৱাহাটীত পুনৰ ছাত্ৰী সন্ধানহীন। মহানগৰীৰ আমচিং যোৰাবাটৰ পৰা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী ঘৰৰ পৰা নোহোৱা হ'ল।

নিৰুদ্দিষ্ট ছাত্ৰীগৰাকী হৈছে আমচিং যোৰাবাটৰ বাসিন্দা নাৰায়ণ চুব্বাৰ কন্যা সংগম চুব্বা (১৪)। ছাত্ৰী সংগম চুব্বাই আমচিং যোৰাবাটৰ বিষ্ণু জ্যোতি হিন্দী হাইস্কুলত নৱম শ্ৰেণীত অধ্যয়ন কৰি আছিল। 

আমচিং যোৰাবাটৰ পি কে ধাবাত কৰ্মৰত আলী নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ  কথা কয় ছাত্ৰীগৰাকীৰ মাতৃয়ে। সেইজন যুৱকেই ছাত্ৰীগৰাকীক নিশা অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ পৰিয়ালৰ। 

ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালে সাতগাঁও থানাত দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে এজাহাৰ ভিত্তিত থানাত এটা গোচৰ ৰুজু কৰিছে যদিও ছাত্ৰীগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This