ডিজিটেল ডেস্ক : ৰুক্মিণীগাঁৱৰ পানী একেদিনাই নোহোৱা কৰি দিম এইটো আমি বিচাৰিলেও কৰি দিব নোৱাৰোঁ। কিন্তু তাত থকা মানুহখিনিয়ে যাতে সাহায্য আৰু অন্যান্য সা-সুবিধাসমূহ পায়, তাৰ বাবে চিন্তা কৰিছোঁ। পানীৰ বাবে সাহায্যসমূহ সময়মতে নোপোৱাৰ বাবে মানুহক অতি সোনকালে সকাহ দিয়াৰ বাবে পানী হোৱা অঞ্চলসমূহত পূৰ্বৰ পৰাই সাহায্য সামগ্রী জমা কৰি ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ। দেওবাৰে গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত এখন জৰুৰী পৰ্যালোচনা সভাৰ অন্তত এইদৰেই কয় নগৰ উন্নয়ন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই।
তেওঁ লগতে এইবুলিও কয় যে পৌৰ নিগমৰ প্রত্যেকগৰাকী পাৰিষদে নিজৰ নিজৰ এলেকাত ১০গৰাকীকৈ আপদা মিত্র বা নগৰ বন্ধু নামৰ স্বেচ্ছাসেৱক নিযুক্তি দিব। এই স্বেচ্ছাসেৱকসকলে বিপদৰ বন্ধু হিচাপে উক্ত অঞ্চলটোত কাম কৰিব। মন্ত্ৰীজনে ইয়াৰ লগতে ভূমিস্খলন হোৱা অঞ্চলসমূহত পালন কৰিবলগীয়া সতর্কতামূলক ব্যৱস্থা সম্পৰ্কত কেতবোৰ নিৰ্দেশনাও প্রদান কৰে।
আনহাতে, গুৱাহাটীৰ কৃত্রিম বান আৰু ভূমিস্থলনত মৃত্যু হোৱা ৫জন লোকৰ নিকটাত্মীয়ালৈ ৪ লাখকৈ আর্থিক সাহায্য প্রদান কৰাৰ কথাও মন্ত্রীজনে ঘোষণা কৰে। তেওঁ কয় যে আজিয়েই এই সাহায্যৰ চেক প্ৰস্তুত কৰা হ'ল আৰু আজিয়েই পাৰিষদসকল বা বিধায়ক-সাংসদে গৈ এই দুর্ভগীয়া পৰিয়ালসমূহক চে'ক প্রদান কৰিব।