বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা

Kakali Deka October 02, 2025

ডিজিটেল ডেস্কঃ বিজয়া দশমীৰ বাবে গুৱাহাটী মহানগৰীত যান-বাহনৰ চলাচলাৰ ক্ষেত্ৰত কিছু বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে, যাৰ ভিতৰত কিছু কিছু পথ বিসৰ্জনৰ বাবে নিয়োজিত কৰা হৈছে, আন কিছু পথ সাধাৰণ যান-বাহনৰ বাবে বন্ধ ৰাখিব লগীয়া হৈছে। বিসৰ্জনৰ গাড়ীসমূহক নির্দিষ্ট পথেৰে চলাচলৰ নিৰ্দেশ দিয়া হৈছে আৰু আন আন বাহনৰ বাবে পথৰ সালসলনি কৰা হৈছে ।

বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা-

-চানমাৰিৰ পৰা গুৱাহাটী ক্লাব-MC ৰোড, FC ৰোড, হাইক’ৰ্টৰ সন্মুখেৰে যাব লাগিব বিসৰ্জনৰ বাহন 

-টকৌবাৰী, পল্টনবজাৰ, উলুবাৰী, ৰিহাবাৰী, বিৰুবাৰী, ছাত্ৰীবাৰী, বিষ্ণুপুৰ, আঠগাঁও, ফটাশিলৰ বিসৰ্জনৰ বাহন... 

-AK আজাদ ৰোড, নেপালী মন্দিৰ, বিশাল পইণ্ট, পাণবজাৰ ROB, পানীটেংকি, MG ৰোড হৈ লাচিতঘাটলৈ

-খানাপাৰা, লালগণেশৰ পৰা বিষ্ণুপুৰ ৰোড, চাবিপুল, আৰ্যনগৰ, এ কে আজাদ ৰোড, নেপালী মন্দিৰ, বিশাল পইণ্ট, পাণবজাৰ পানীটেংকি, এম জি ৰোড হৈ লাচিতঘাটলৈ

-উলুবাৰী আৰু দক্ষিণ শৰণীয়াৰ পৰা GS ৰোড, অপ্সৰা, জনতা পইণ্ট, নেপালী মন্দিৰ, বিশাল পইণ্ট, পাণবজাৰ পানীটেংকি, এম জি ৰোড হৈ লাচিতঘাটলৈ

-ৰাজগড়, ভঙাগড় আৰু খ্ৰীষ্টানবস্তিৰ পৰা GS ৰোড-ভঙাগড়-ৰাজগড় পথ, কমাৰ্চ কলেজ পইণ্ট, চানমাৰি-গুৱাহাটী ক্লাব-MC ৰোড, হাইক’ৰ্টৰ সন্মুখেৰে বিসৰ্জনৰ বাহন

-গণেশগুৰি, দিছপুৰ, কাহিলিপাৰাৰ পৰা গণেশগুৰি হৈ RG বৰুৱা ৰোড, GNB ৰোড, গুৱাহাটী ক্লাব, MC ৰোড, FC ৰোড, হাইক’ৰ্টৰ সন্মুখেৰে লাচিতঘাটলৈ

-পাণবজাৰৰ বিসৰ্জনৰ বাহন HB ৰোড, মহামায়া পইণ্ট, পানীটেংকি, MG ৰোড হৈ লাচিতঘাটলৈ

-ভৰলুমুখ, শান্তিপুৰৰ বিসৰ্জনৰ বাহন DG ৰোড, ভৰলুমুখ পইণ্ট, AT ৰোড, পাণবজাৰ পানীটেংকি, এম জি ৰোড হৈ লাচিতঘাটলৈ

-অন্যান্য বাহনসমূহ বি বৰুৱা ৰোড হৈ উলুবাৰীৰ পৰা TC পইণ্টলৈ যাব পাৰিব

-বিসৰ্জনৰ পাছত প্ৰতিমা কঢ়িওৱা বাহনসমূহ MG ৰোড, DG ৰোড আৰু AT ৰোড হৈ প্ৰস্থান কৰিব পাৰিব

Share This