ডিজিটেল ডেস্ক : মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতেই তৎপৰ পৰিবহণ বিভাগৰ।পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসৰ নেতৃত্বত বিশেষ পদক্ষেপ।
সামৰিক, অৰ্ধসামৰিক বাহিনীৰ সেৱাৰ্থে আজিৰে পৰা গুৱাহাটীত মুকলি বিশেষ লোক সেৱা মাহ।ইয়াৰ যোগেদি যান-বাহনৰ অনুজ্ঞাপত্ৰ, পঞ্জীয়ন, অনাদায় কৰ আদি মুঠ ৫৬ টা সংস্পৰ্শবিহীন সেৱা সেনা জোৱান, বিষয়াসকলক আগবঢ়াব বিভাগটোৱে।
ভাৰতীয় সেনাৰ কেইবাজনো সামৰিক, অৰ্ধসামৰিক বাহিনীৰ জোৱান, প্ৰাক্তন বিষয়া আদিৰ ঘৰে ঘৰে গৈ সহায়ৰ হাত পৰিবহণ বিভাগৰ। কামৰূপ (ম:) জিলা সৈনিক কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত এই পদক্ষেপ বিভাগটোৰ।
সৈনিক কল্যাণ ব'ৰ্ডৰ 0361-2733147 আৰু 9706319575 নম্বৰত যোগাযোগ কৰি পৰিবহণ বিভাগৰ সহায় লাভ কৰিব সেনা জোৱান, প্ৰাক্তন বিষয়াসকলে। আনহাতে, অপাৰেশ্যন সেন্দূৰৰ সফলতাক লৈ প্ৰাক্তন সেনা জোৱান-বিষয়াসকলক মিঠাই খুৱাই অভিনন্দন জনায় পৰিবহণ বিভাগে।
উৎস: প্ৰাগ নিউজ ডিজিটেল