ডিজিটেল ডেস্ক : ভাৰতৰ পাৰমাণৱিক পদার্থ বিজ্ঞানৰ গৱেষণাৰ পৰীক্ষা-নিৰীক্ষাৰ এক উল্লেখযোগ্য বিকাশ ঘটাই কলকাতাৰ ভেৰিয়েল এনার্জি চাইক্ল'ট্রন চেণ্টাৰ (ভি ই চি.চি)ত শেহতীয়াকৈ আৰম্ভ হোৱা ছুপাৰকণ্ডাক্টিং চাই ট্রন ব্যৱহাৰ কৰি পৰীক্ষা-নিৰীক্ষা কৰা ভাৰতৰ প্ৰথমটো প্রতিষ্ঠান হিচাপে পৰিগণিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। দেশৰ আন আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত যেনে- টাটা ইনষ্টিটিউট অব্ ফাণ্ডামেন্টেল ৰিছার্চ (টি আই এফ আৰ) মুম্বাই, আৰু ইন্টাৰ ইউনিভার্হিটি এক্সেলেটৰ চেণ্টাৰ (আই ইউ এ চি), নতুন দিল্লীত সর্বোচ্চ ২৫০ মেগাভল্ট শক্তিলৈকে পাৰমাণৱিক পদার্থ বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাক সমর্থন কৰিলেও ভি ইচি চিত অতি-পৰিবাহী চাইক্ল'-ট্রনে ৪০০-৫০০ মেগাভল্টৰ ভিতৰত ৰশ্মি শক্তিক ডি-লিভাৰিং কৰিবলৈ সক্ষম হয়।
এই উচ্চশক্তি পাৰমাণৱিক বিভাজনৰ গতিবিদ্যাৰ গৱেষণা আগবঢ়াই নিয়াৰ বাবে তথা অন্য ভৌতিক পৰিঘটনাসমূহৰ অন্বেষণৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই অধ্যয়নে গধুৰ মৌলৰ সংশ্লেষণ বৃদ্ধি কৰিব আৰু ভৱিষ্যতে পাৰমাণৱিক ৰিয়েক্টৰ গঠনৰ সম্ভাৱনাৰ বাট দেখুৱাব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননী গোপাল মহন্তই এই সফলতাৰ কথা ব্যক্ত কৰি কয় যে ৫০০ মেগাভল্ট পর্যন্ত শক্তি লাভ কৰিব পৰা ভি ই চি চি ছুপাৰকণ্ডাক্টিং চাইক্ল'-ট্রন ব্যৱহাৰ কৰি আমি আগতে গম নোপোৱা পৰমাণুবোৰে কেনে আচৰণ কৰে সেই বিষয়ে অধ্যয়ন কৰিব পাৰোঁ। উক্ত পৰীক্ষা পাৰমাণৱিক পদার্থ বিজ্ঞানৰ গৱেষণাৰ এক ডাঙৰ পদক্ষেপ।
আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবেও এক বৃহৎ সফলতা। উল্লেখযোগ্য যে এই পৰীক্ষাৰ নেতৃত্বত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ অধ্যাপক কুশল কলিতা আৰু তেওঁৰ গৱেষক শিক্ষার্থী তথা ভি ই চি চিৰ ড° টি কে ঘোষ আৰু অমিত সেন। অধ্যাপক কুশল কলিতাই উল্লেখ কৰে যে ভি ই চি চিৰ সৈতে কাম কৰি আমি পাৰমাণৱিক বিভাজনৰ এনে কিছুমান অংশ অন্বেষণ কৰিবলৈ সক্ষম হৈছোঁ। যিবোৰে ভৱিষ্যতৰ গৱেষণা কার্যত বিশেষ অৰিহণা যোগাব।