ডিজিটেল ডেস্ক : এইবাৰ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ সন্মুখত বিৰোধী ধূলিসাৎ হৈ পৰিল যদিও পৰাজিত পৰাজিত মাজত সোণ জিলিকাদি জিলিকি উঠিল বিৰোধীৰ দুগৰাকী কম বয়সীয়া মহিলা প্রার্থী- ড° জ্ঞানশ্ৰী বৰা আৰু কুংকি চৌধুৰী। উচ্চ শিক্ষিত, সংস্কাৰ থকা আৰু নিৰ্বাচনী বোকাৰ মাজতো ৰাজহংসৰ দৰে উজলি উঠি সংযমী হৈ থকা এই দুগৰাকী প্রার্থীয়ে নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যবাসীৰ ব্যাপক সমাদৰ আৰু মৰম লাভ কৰিবলৈ সক্ষম হৈছিল। আজি কুংকি আৰু জ্ঞানশ্ৰীৰ পৰাজয়ে অগণন সচেতন লোকক ব্যাপক মনোকষ্ট দিছে।
ৰাজ্যবাসীৰ মনত স্বাভাৱিকতেই প্রশ্ন উঠিছে যে নতুন প্ৰজন্মৰ এই প্ৰাৰ্থী দুগৰাকীয়ে সাধাৰণ ৰাইজক প্রতিনিধিত্ব কৰিব পৰাকৈ সকলো যোগ্যতা থকাৰ পাছতো এওঁলোক পৰাজিত হ'ব লগা হ'ল কিয়? নির্বাচনী বিশ্লেষকসকলৰ মতে, নতুন প্ৰজন্মৰ এই দুগৰাকী প্রার্থীক ৰাইজে আদৰি নোলোৱাৰ প্ৰথম আৰু প্ৰধান কাৰণ হ'ল- এই দুগৰাকীয়ে যি ৰাজনৈতিক শিবিৰৰ পৰা প্ৰতিনিধিত্ব কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, সেই শিবিৰৰ প্ৰতি ৰাইজৰ আস্থা নথকাৰ বাবেই এওঁলোক পৰাজিত হ'বলগীয়া হ'ল। এক কথাত ক'বলৈ গ'লে প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো ৰাজনৈতিক শিবিৰটোৱে প্রত্যয়জনকভাবে এওঁলোকক সমষ্টিত প্রক্ষেপেই কৰিব নোৱাৰিলে।
কেৱল প্রার্থী দিব লাগে কাৰণে দিয়াৰ দৰে একেবাৰে শেষ মুহূৰ্তত মৰিয়নি আৰু মধ্য গুৱাহাটীত যুঁজিবৰ বাবে নমাই দিয়া হ'ল ৰাজনীতিত একেবাৰেই অনভিজ্ঞ জ্ঞানশ্ৰী বৰা আৰু কুংকি চৌধুৰীক। সেয়েহে ক'ব পাৰি যে তৰুণ প্ৰজন্মৰ প্ৰাৰ্থী দুগৰাকীয়ে ৰাজ্যবাসীৰ হৃদয় জিনিবলৈ সক্ষম হ'লেও বিৰোধী শিবিৰৰ প্ৰতি জনসাধাৰণৰ আস্থাহীনতাৰ বলি হ'ব লগা হ'ল তেওঁলোক।