ডিজিটেল ডেস্ক: 'কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেংফুলৈ যোৱা ৰে'ললাইন নির্মাণৰ আধাৰশিলা স্থাপন কৰিবলৈ অহা মাৰ্চৰ প্ৰথম বা দ্বিতীয় সপ্তাহত কোকৰাঝাৰলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী।' এই মন্তব্য বি টি চিৰ মুখ্য কার্যবাহী হাগ্রামা মহিলাৰীৰ।
কোকৰাঝাৰ জিলাৰ ভিন ভিন স্থানত কালি একেদিনাই বি টি চিৰ মুখ্য কাৰ্যবাহী মহিলাৰীয়ে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ পাছত এই মন্তব্য কৰে। তদুপৰি মহিলাৰীয়ে কয় যে বহুদিনৰ পাছত যিহেতু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কোকৰাঝাৰলৈ আহিব আমি তেওঁৰ ওচৰত কিবা এটা বিচাৰিম। ভাল পেকেজ এটা বিচাৰিব পাৰোঁ আৰু প্রধানমন্ত্রীয়ে দি যাব বুলি আশা প্রকাশ কৰিছে মহিলাৰীয়ে।
উল্লেখ্য যে কালি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত বি টি চিৰ মুখ্য কাৰ্যবাহী মহিলাৰীয়ে পি এম-অভিম আঁচনিৰ অধীনত ২৩ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া ৫০খন বিছনাযুক্ত ক্রিটিকেল কেয়াৰ হস্পিটেল নিৰ্মাণৰ আধাৰশিলা আৰু ভূমি পূজন সম্পন্ন কৰে। তদুপৰি হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ মেডিকেল কলেজত আনুষ্ঠানিকভাৱে প্রসূতি মাতৃ আৰু শিশুৰ স্বাস্থ্য শাখাৰ নৱনিৰ্মিত চিকিৎসালয়খন মুকলি কৰে। এই শাখাটো প্রায় ১৫ দিনৰ ভিতৰত সাধাৰণ ৰাইজৰ বাবে কার্যক্ষম হ'ব বুলি আশা কৰা হৈছে। উদ্বোধনৰ পাছত মহিলাৰীয়ে শাখাটোৰ পৰিদৰ্শন কৰি উপলব্ধ সেৱাসমূহৰ পৰ্যালোচনা কৰে আৰু কোকৰাঝাৰ মেডিকেল কলেজৰ আন্তঃগাঁথনি আৰু পর্যাপ্ত পৰিমাণে কৰ্মচাৰী নিযুক্তিৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰা হ'ব বুলি মন্তব্য কৰে। ইয়াৰ পাছতেই হাগ্রামা মহিলাৰীয়ে জিলাখনৰ হৰিণাগুৰিত ১০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ প্রশাসনিক ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। উক্ত কাৰ্যসূচীৰ পাছত হাগ্রামা মহিলাৰী হালোৱাদলত উপস্থিত হয় আৰু হালোৱাদলত অত্যাধুনিক ফিল্ম ষ্টুডিঅ' নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।
মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰি কয় যে প্ৰাৰম্ভিক পর্যায়ত ফিল্ম ষ্টুডিঅ' নিৰ্মাণৰ বাবে ১০ কোটি মোকলাই দিয়া হ'ব আৰু পর্যায়ক্রমে এই ধন ৫০ কোটিলৈ বর্ধিত হ'ব পাৰে বুলি মন্তব্য কৰে। প্ৰস্তাৱিত ষ্টুডিঅ'টোত চলচ্চিত্র নির্মাণ, চিনেমা শুটিং, চিনেমা চেট ডিজাইন, এনিমেশ্যন, অডিঅ' ৰেকর্ডিং আৰু ভি এফ এক্স প্রডাকশ্যনৰ দৰে আন সুবিধাসমূহ উপলব্ধ থাকিব বুলি জানিব পৰা গৈছে। এই প্রকল্পটোৰ নির্মাণ সম্পূর্ণ হ'লে সাংস্কৃতিক ক্ষেত্ৰত কাম কৰা ব্যক্তিসকলৰ সুবিধা হ'ব আৰু ৰেকর্ডিং বা চিনেমা নিৰ্মাণ কৰিবলৈ গুৱাহাটী, কলকাতা, দিল্লী, মুম্বাই ইত্যাদি ঠাইলৈ যাব নালাগিব বুলি সদৰী কৰে হাগ্রামা মহিলাৰীয়ে। তদুপৰি স্থানীয় যুৱক-যুৱতীসকলৰ সংস্থাপনৰ ক্ষেত্ৰতো প্রকল্পটো সহায়ক হ'ব বুলি সদৰী কৰি কোকৰাঝাৰক ডিজিটেল মিডিয়া আৰু সৃজনশীল কলাৰ আঞ্চলিক কেন্দ্র হিচাপে গঢ়ি তোলাত প্রকল্পটো সহায়ক হৈ উঠিব বুলি আশা প্রকাশ কৰা হৈছে। ইপিনে সংবাদ মাধ্যমৰ এক প্রশ্নোত্তৰত হাগ্রামা মহিলাৰীয়ে কয় যে ৰাজ্য সভাত তিনিখন আসন খালী হ'ব, তাৰে এখন আসন বি পি এফৰ বাবে বিচাৰিম, দিলে ভাল লাগিব।
আনহাতে আগন্তুক বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত মহিলাৰীয়ে কয় যে নিৰ্বাচনৰ দিন-তাৰিখ এতিয়ালৈ ঘোষণা কৰা হোৱা নাই কিন্তু বি পি এফে অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা জিলাভিত্তিক সমদল বাহিৰ কৰিব। অহা ২৫ ফেব্ৰুৱাৰীত গোসাইগাঁৱত বি পি এফে ৰেলীৰ শুভৰাম্ভ কৰিব আৰু এই ৰেলী পর্যায়ক্রমে পৰ্বতঝোৰা, কোকৰাঝাৰ, বিজনী আদিৰ লগতে বি পি এফৰ ১০খন জিলা সমিতিত এই ৰেলী অনুষ্ঠিত হ'ব। এই ৰেলীৰ দ্বাৰাই বি পি এফৰ শক্তি সম্পর্কে জানিব পৰা যাব আৰু ৰেলীৰ পাছতে বি পি এফ দলে ক'ত ক'ত নির্বাচন খেলিলে জিকিব সেয়া গম পোৱা যাব বুলি মন্তব্য কৰে হাগ্রামা মহিলাৰীয়ে।
উল্লেখ্য যে কালিৰ কাৰ্যসূচীত বি টি চিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী, বি টি চিৰ পাৰিষদ যুবিৰাজ বসুমতাৰী, ধনেশ্বৰ গয়াৰী, কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক গণেশ চন্দ্ৰ ৱাৰীসহ বিভাগীয় বিষয়া আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।